ডিজিটেল ডেস্কঃ হিংসা-বিদ্বেষ বিয়পোৱা ভিডিঅ’ৰ ওপৰত কঢ়া নজৰ দিয়াৰ কথা ঘোষণা কৰিছে ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গে। ২০১৭ বৰ্ষৰ আৰম্ভণিতে বিশেষ ব্যৱসায়িক সফলতা লাভ কৰা ফেচবুকে ফেচবুকত ভাইৰেল হোৱা ভিডিঅ’বোৰৰ চোকা দৃষ্টি ৰখাৰ বাবে সাজু কৰিছে এক বিশেষ টিম। 

এক বিশ্ব সম্প্ৰদায় সৃষ্টিৰ বাবে ফেচবুকে বিভিন্ন ধৰণৰ টুলচ্ তৈয়াৰ কৰাৰ কামত নিৰবিচ্ছিন্নভাৱে লাগি থকাৰ কথা ব্যক্ত কৰি জুকাৰবাৰ্গে কৈছে যে ফেচবুকত সুস্থ চিন্তাৰ মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন কৌশলগত উপায় ফেচবুকৰ কাৰিকৰী টিমে উদ্ভাৱন কৰিছে।

ইতিমধ্যে এনে বহুতো কাৰিকৰী উপায়েৰে কেতবোৰ হিংসা-বিদ্বেষজনিত ভিডিঅ’, সাম্প্ৰদায়িক হিংসা বিয়পাবপৰা মন্তব্য, ভুৱা খবৰ বিয়পোৱা ইউজাৰ আদিৰ ক্ষেত্ৰত ফলপ্ৰসূ হোৱাৰ কথাও উল্লেখ কৰিছে জুকাৰবাৰ্গে। 

এইবাৰ ভাইৰেল ভিডিঅ’ আৰু কণ্টেণ্ট নীৰিক্ষণৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ কথা ঘোষণা কৰে জুকাৰবাৰ্গে। ইতিমধ্যে এই নীৰিক্ষণৰ বাবে ৪৫ হাজাৰ প্ৰযুক্তিবিদৰ টিম এটাই নিৰন্তৰ কাম কৰি আছে।

এইবাৰ নতুনকৈ বিশেষ টিম এটা এইক্ষেত্ৰত নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে জুকাৰবাৰ্গে। এই নতুন টিমটোত ৩ হাজাৰ কাৰিকৰী বিশেষজ্ঞ থাকিব।