newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা মাৰ্চ মাহত প্ৰায় ৫ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ একাউন্টৰ তথ্য ফাদিল হোৱাৰ কথা পোহৰলৈ আহিছিল। তথ্য ফাদিল সন্দৰ্ভত অৱশেষত ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ভুল স্বীকাৰ কৰিছিল৷ তাৰ লগে লগে মাৰ্ক জুকাৰবাৰ্গে নেটিজেনৰ বাবে ফেচবুকত সবিশেষ লিখি এটি আপডেট দি এনেকুৱা ভুল যাতে দুনাই নহয় কাৰ বাবে চেষ্টা কৰা হ’ব বুলি কৈছিল। ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰাৰ বাবে চেষ্টা কৰা হ’ব বুলি কৈছিল।

কিন্তু তেনে নহ’ল পুনৰ ডাটা চুৰি হ’ল ব্যৱহাৰকাৰীৰ৷ ক্ৰেমব্ৰিজ এনলাইটিকা নহয় এইবাৰ nametests.com নামৰ কুইজ এপে ১২ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ তথ্য চুৰি কৰে। এটি ৱেব ছাইটে এই খবৰ প্ৰকাশ কৰিছে। ব্যৱহাৰকাৰীৰ নাম, জন্মৰ তাৰিখ, পোষ্ট, ফটো, বন্ধু তালিকাৰ তথ্য চুৰি কৰে কুইজ এপটোৱে।

এই এপটোৱে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে ব্যৱহাৰকাৰী সন্দৰ্ভত বিশেষ দাতা সংগ্ৰহ কৰি আহিছে। ফেচবুক ব্যৱহাৰকাৰীয়ে কুইজ খেলাৰ পিছতে এপটোৱে কেনেদৰে তথ্য চুৰি কৰে পৰবৰ্তী সময়ত ব্যৱহাৰকাৰীয়ে ধৰিব নোৱাৰে। এটি ৱেব ছাইটৰ খবৰ মতে, বিগত এপ্ৰিল মাহত এই ঘটনা সন্দৰ্ভত অৱগত হৈছিল ফেচবুক কৰ্তৃপক্ষ। কিন্তু এই কাণ্ডৰ পৰা ব্যৱহাৰকাৰীক ৰক্ষা কৰিবলৈ জুন মাহ পৰ্যন্ত সময় লয় মাৰ্ক জুকাৰবাৰ্গৰ।

পূৰ্বে কেম্ব্ৰিজ এনালাইটিকাৰ ৮ কোটিৰো অধিক ফেচবুক ব্যবহাৰকাৰীৰ গোপন ডাটা চুৰি কৰিছিল৷ ফেচবুকৰ ডেটা চুৰি কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ এনে কাণ্ড কৰা হৈছিল বুলি কোৱা হয়৷ ঘটনাৰ পাছত ফেচবুকৰ সংস্থাপক মাৰ্ক জুকৰবাৰ্গে আমেৰাকৰ চিনেটৰ আগত উপস্থিত হৈ ক্ষমা খোজে৷ স্পৰ্শকাতৰ ডেটা চুৰি হোৱাৰ দৰে ঘটনা কমাবলৈ এক নতুন প্ৰচেষ্টা হাতত লোৱাৰ কথা সকলোৰে আগত ব্যক্ত কৰে৷ এনে ডাটা সমূহৰ জৰিয়তে আমেৰিকাৰ বিগত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু বিগত সময়ত ভাৰতৰ লোকসভা নিৰ্বাচনতো প্ৰভাৱ পেলাইছিল বুলি বিতৰ্ক হৈছিল৷