ডিজিটেল ডেস্কঃ ইউৰোপীয় সংঘই বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া ছাইট ফেচবুকক এক বৃহৎ পৰিমাণৰ জৰিমনা বিহে। হোৱাটছএপ ক্ৰয় কৰা সম্পৰ্কত ভ্ৰান্তিকৰ তথ্য দিয়াৰ অভিযোগত ফেচবুকক ভাৰতীয় টকাৰ হিচাপত ১২ কোটি টকাৰ জৰিমনা বিহিছে।

প্ৰতিষ্ঠান চামিলকৰণৰ ক্ষেত্ৰত থকা ইউৰোপীয় সংঘৰ নিয়ম উলংঘা কৰা বাবেই এনেদৰে জৰিমনা বিহা হয় ফেচবুকক।

'এয়া প্ৰতিটো কোম্পানীলৈ এক সতৰ্কবাণী। কিয়নো শুদ্ধ তথ্য প্ৰদান কৰাটো প্ৰত্যেকটো কোম্পানীৰ দায়িত্ব।’- এইদৰে কয় ইউৰোপীয়ান সংঘৰ কম্পিটিশ্যন কমিছনাৰ মাৰ্গাৰেথ ভেষ্টাৰে।

ইফালে প্ৰতিষ্ঠানটোৱে এনে ভুল অনিচ্ছাকৃত বুলি সদৰী কৰিছে। 'আমি আয়োগৰ নীতি পালন কৰি আহিছো আৰু প্ৰত্যেকবাৰতে শুদ্ধ তথ্য দি আহিছো।’-ফেচবুকৰ এগৰাকী মুখপাত্ৰৰ স্পষ্টীকৰণ।