ডিজিটেল ডেস্কঃ বিশ্বত সৰ্বাধিক জনপ্ৰিয় চছিয়েল মিডিয়া হৈছে ফেচবুক৷ কিন্তু শেহতীয়া খবৰ মতে ফেচবুকত ২০ কোটি ভুৱা একাউন্ট আছে নতুবা একো একোগৰাকী লোকৰ দুটাকৈ একাউন্ট আছে৷

তেনে দেশৰ ভিতৰত ভাৰতো আছে৷ ফেচবুকৰ জাৰি কৰা তথ্য মতে, এনে ভুৱা একাউন্টৰ সংখ্যা ১০ শতাংশ৷ ফেচবুক একাংশ লোকে সমাজত সজাগতা বৃদ্ধি, জনমত গঠন, ৰাজনৈতিক প্ৰচাৰ কৰাৰ লগতে একাংশ লোকে অনৈতিক কাৰ্যতো ব্যৱহাৰ কৰা দেখা যায়৷ সামাজিক মাধ্যম যাৰ প্ৰয়োগ গোটেই বিশ্বৰ কৰি আহিছে।

মানুহক একত্ৰিত কৰা, অনুভৱ বিনিময় কৰা, সামাজিক, দেশ-বিদেশৰ তথ্য জানিব পৰা এক মাধ্যম। শেহতীয়া খবৰ মতে, ফেচবুকত প্ৰায় ২০ কোটিৰো অধিক ভুৱা একাউন্ট আছে৷ ভাৰতবৰ্ষ এনে এখন দেশ য’ত এনে ভুৱা একাউন্ট অধিক।

ফেচবুকৰ বাৰ্ষিক তথ্য অনুযায়ী ২০১৭ চনৰ মাজভাগলৈ ভুৱা একাউন্টৰ সৈতে সক্ৰিয় মাহেকীয়া ব্যৱহাৰকাৰী প্ৰায় ১০ শতাংশ৷ ভাৰত, ইণ্ডোনেচীয়া আৰু ফিলিপাইন, ভিয়েটনামৰ দৰে দেশত এনে ধৰণৰ ভুৱা একাউন্টৰ মাত্ৰা অধিক বুলি জানিব পৰা যায়৷

তথ্য মতে, ২০১৬ চনত ব্যৱহাৰকাৰী সংখ্যা ১.৮৬ আৰব৷ ২০১৭ চনৰ ৩১ ডিচেম্বৰত ফেচবুকৰ মাহেকীয়া ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হয় ২.১৩ আৰবলৈ৷ যাৰ তুলনাত ২০১৬তকৈ ২০১৭ত ১৪ শতাংশ বৃদ্ধি হয় ব্যৱহাৰকাৰীৰ সংখ্যা৷ বৃদ্ধি হোৱা ১৪ শতাংশ ব্যৱহাৰকাৰীৰ ৬ শতাংশ অৰ্থাৎ ১১.৪ আৰব ভুৱা একাউন্ট পোৱা গৈছে৷

ভাৰত, ভিয়েটনাম, ইণ্ডোনেচীয়া আদি দেশত ব্যৱহাৰকাৰী ২০১৬ চনতকৈ ২০১৭ৰ ডিচেম্বৰৰ পৰা অধিক মাত্ৰাত বৃদ্ধি হৈছে৷ এনেধৰণৰ ফেচবুকে একাউন্টে জনসাধাৰণ তথা গোটেই বিশ্বত প্ৰভাৱ পেলাইছে৷