ডিজিটেল ডেস্কঃ আপুনি ফেচবুক ব্যৱহাৰ কৰে নে? যদি কৰে তেন্তে ফেচবুক কৰ্তৃপক্ষই আপোনাৰ ফেচবুক একাউণ্টটো সুৰক্ষিত কৰাৰ বাবে বহু নতুন ফিচাৰ সংযোগ কৰাৰ চিন্তা চৰ্চা কৰিছে৷ এই সেৱাৰ কথা আপুনি জ্ঞাত হোৱাটো প্ৰয়োজনীয়৷ জনপ্ৰিয় ছচিয়েল মাধ্যম ফেচবুকৰ ডাটা ফাদিলৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছত ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে নতুন পদক্ষেপ লৈ ফেচবুকৰ একাউণ্ট সুৰক্ষিত কৰিব বিচাৰিছে৷ 

ফেচবুকে ০১ মে’ত এপ উন্নতি-৮ শীৰ্ষক বিশেষ বৈঠকৰ আয়োজন কৰিছিল৷ বৈঠক আয়োজন কৰাৰ প্ৰধান উদ্দেশ্য আছিল ফেচবুক ব্যৱহাৰকাৰীসকলৰ ডাটা সুৰক্ষিত তথা গোপনীয়তা বৰ্তাই ৰাখিব পৰাৰ সুবিধা প্ৰদান কৰা৷ ফেচবুকৰ মুখ্য বিষয়া মাৰ্ক জুকৰবাৰ্গে বৈঠকত নতুন ফিচাৰ সংযোগ কৰাৰ কথা কৈ যাৰ দ্বাৰা ফেচবুকৰ ব্ৰাউজিং হিষ্ট্ৰি অতি সহজে ডিলিট কৰিব পাৰিব বুলি কয়৷

আন আন মাধ্যমত যেনেকৈ পুৰণি আৰু কুকীজত গৈ সকলো তথ্য ডিলিট কৰিব পৰাৰ সুবিধা আছে৷ এই একেই সুবিধা ফেচবুক লৈ আহিব বুলি কয়৷ এই পদ্ধতিৰ দ্বাৰা ফেচবুক ব্যৱহাৰকাৰীয়ে হিষ্ট্ৰি ডিলিট কৰিব পৰাৰ ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিব বুলি মাৰ্কে প্ৰতিশ্ৰুতি দিয়ে৷ 

ইয়াৰ লগতে ফেচবুকত নতুন ডেটিং চাৰ্ভিছ সংযোগ কৰাৰ ঘোষণা কৰে৷ বিশেষ পদ্ধতিৰ ডেটিং চাৰ্ভিছত বৰ্তমানেও কাম চলি থকা বুলি কৈ এই বছৰৰ শেষ ভাগত ইয়াক ব্যৱহাৰকাৰীৰ বাবে উপলদ্ধ কৰিব বুলি কয়৷ এই সেৱা ফেচবুকৰ অন্তৰ্ভাগত থাকিব৷

এই সেৱা বিশেষ সম্পৰ্কৰ বন্ধুৰ সৈতে ব্যৱহাৰ কৰিব পাৰিব আৰু ঐচ্ছিক হ’ব৷ এই সেৱা কেৱল বিশেষ সম্পৰ্কৰ বন্ধুৰ কাৰণে উপলদ্ধ হ’ব৷ এই সেৱাই ডেটিং এপৰ Tinderক প্ৰত্যাহ্বান জনাব৷ বৰ্তমান ফেচবুক একাউণ্টৰ প্ৰফাইলত ব্যৱহাৰ কৰি অহা হৈছে এই সেৱা৷ এই সেৱাৰ জৰিয়তে ফেচবুকৰ প্ৰাইভেচিৰ কথা বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰা হ’ব৷