মহাকাশৰ পৰা তোলা জোনবাইৰ পৃষ্ঠভাগৰ এখন ফটো ছ’চিয়েল মিডিয়াত ইছৰোৱে প্ৰকাশ কৰা 'বিক্ৰম লেণ্ডাৰ’ৰ ফটো হিচাপে ভাইৰেল হৈ পৰিছে। ফটোখনৰ লগতে তাত লিখা হৈছে, 'চন্দ্ৰক প্ৰদক্ষিণ কৰি থকা অৰ্বিটাৰে সংগ্ৰহ কৰা বিক্ৰম লেণ্ডাৰৰ এই থাৰ্মেল ফটোখন ইছৰোৱে প্ৰকাশ কৰিছে।’ এই ফটোখন হয়তো আপুনিও শ্বেয়াৰ কৰিব পাৰে।


৭৪ দিনীয়া সুদীৰ্ঘ যাত্ৰা কালৰ অন্তত যোৱা ৭ ছেপ্টেম্বৰত চন্দ্ৰযান-২ৰ বিক্ৰম লেণ্ডাৰৰ চন্দ্ৰপৃষ্ঠলৈ আৰু ২.১ কিলোমিটাৰ থকা অৱস্থাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বাংলালুৰুস্থিত কেন্দ্ৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে।


মঙলবাৰে পুৱাৰ ভাগত ইছৰোৱে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডলযোগে টুইট কৰি দেশবাসীক জনাই যে 'চন্দ্ৰযান-২ৰ অৰ্বিটাৰে বিক্ৰম লেণ্ডাৰৰ সন্ধান উলিয়াইছ। কিন্তু তাৰ সৈতে কোনো সম্পৰ্ক কৰিব পৰা হোৱা নাই। বিক্ৰম লেণ্ডাৰৰ সৈতে সকলো প্ৰকাৰৰ যোগাযোগৰ চেষ্টা চলাই থকা হৈছে।’


ইয়াৰ লগতে ইছৰোৰ অধ্যক্ষ কে শিৱনে সংবাদ প্ৰতিষ্ঠান পিটিআইক জনাই যে 'ইছৰোৱে চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ ফটো পাইছে। অৰ্বিটাৰে বিক্ৰম লেণ্ডাৰৰ থাৰ্মেল ফটো সংগ্ৰহ কৰিছে। যাৰ পৰা অনুমান কৰা হৈছে যে বিক্ৰম লেণ্ডাৰৰ চন্দ্ৰ পৃষ্ঠাত হাৰ্ড লেণ্ডিং হৈছে।’

 

কিন্তু যিখন ছবি ছ’চিয়েল মিডিয়াত বহুজনে শ্বেয়াৰ কৰিছে সেয়ে প্ৰকৃততে বিক্ৰম লেণ্ডাৰৰ ছবি নহয়। ইছৰোৱে এই পৰ্যন্ত নিজৰ অফিচিয়েল ৱেবছাইটৰ লগতে ফেচবুক আৰু টুইটাৰ একাউণ্ট অথবা প্ৰেছ বিবৃতিযোগে বিক্ৰম লেণ্ডাৰৰ কোনো ফটো ৰাজহুৱা কৰা নাই। 


ভাইৰেল ফটোৰ সত্য


ৰিভাৰ্ছ ইমেজ ছাৰ্চত দেখা গৈছে যে যিখন ফটো চন্দ্ৰযান-২ৰ আৰ্বিটাৰে তোলা বিক্ৰম লেণ্ডাৰৰ বুলি দাবী কৰি শ্বেয়াৰ কৰি থকা হৈছে সেইখন প্ৰকৃততে নাছাৰ ৱেবছাইটত থকা 'এপল’-১৬ অভিযানৰ এখন ফটো।


১৮ জুন ২০১৯ত নাছাৰ ৱেবছাইটত চন্দ্ৰৰ পৃষ্ঠভাগৰ বিষয়ে প্ৰকাশ হোৱা এটি গৱেষণামূলক লেখাত এই ফটোখন সংলগ্ন কৰা হৈছিল। লেখাটোত উল্লেখ থকা মতে এই ফটোখন এপল’-১৬ চন্দ্ৰৰ যি ঠাইত অৱতৰণ কৰিছিল সেই ঠাইৰ ফটো।

 

 


নাছাৰ 'এপল’-১৬’ ১৯৭২ চনৰ ১৬ এপ্ৰিলত আমেৰিকা ফ্ল’ৰিডাস্থিত কেনেডী স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল। চন্দ্ৰ বুকুত ১১ দিন ধৰি চলিছিল নাছাৰ উক্ত অভিযান। 


ইছৰো আৰু কে শিৱনৰ ফেক একাউণ্ট


ছ’চিয়েল মিডিয়াত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু সংস্থাটোৰ মূৰব্বী কে শিৱনৰ কেবাটাও ফেক একাউণ্ট দুষ্ট চক্ৰই ক্ৰিয়েট কৰি সেয়া ইছৰো আৰু শিৱনৰ অফিচিয়েল একাউণ্ট বুলি দাবী কৰা দেখা গৈছে। কিন্তু ইছৰোৱে স্পষ্ট কৰি দিছে যে এই সকলোবোৰ একাউণ্টেই ভুৱা। ইছৰোৰ ৱেবছাইটত শেহতীয়া আপডেট অনুযায়ী কে শিৱনৰ ছ’চিয়েল মিডিয়াৰ ফেচবুকেই হওক বা টুইটাৰ ক’তো কোনো একাউণ্টেই নাই। ইয়াৰ লগতে অফিচিয়েল ৱেবছাইটত সংস্থাটোৰ টুইটাৰ, ফেচবুক আৰু ইউটিউবৰ প্ৰকৃত একাউণ্ট লিংক কৰি থোৱা আছে। 

 

 


ফেক নিউজৰ বিৰুদ্ধে  News Next Oneৰ যুদ্ধ

 
ফেক নিউজৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰিবলৈ প্ৰথম প্ৰচেষ্টা হাতত লৈছিল কেইজনমান ইউটিউবাৰে৷ ফেচবুক, হোৱাটছএপৰ লগতে মুখ্যধাৰাৰ হিন্দী আৰু ইংৰাজী নিউজ চেনেলসমূহে প্ৰপাগাণ্ডামূলক ফেক নিউজ প্ৰচাৰ কৰালৈ চাই সেই সম্পৰ্কে জনসাধাৰণক সচেতন কৰিবলৈ আগবাঢ়ি আহিছিল এইসকল ইউটিউবাৰ৷ ইয়াৰ পিছতে ফেক নিউজৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত নামে বিশিষ্ট সাংবাদিক প্ৰতীক সিনহা৷  এইগৰাকী সাংবাদিকে altnews.in নামৰ বেৱছাইটটোৰ জৰিয়তে ভাৰতত ফেক নিউজৰ বিৰুদ্ধে আৰম্ভ কৰে জেহাদ৷ ইয়াৰ বাবে সাংবাদিকজনে ফেক নিউজ মেকাৰসকলৰ পৰা যথেষ্ট ভাবুকিৰো সন্মুখীন হ’বলগীয়াত পৰিছে৷ পৰৱৰ্তী সময়ত মুখ্যধাৰাৰ সংবাদ প্ৰতিষ্ঠান কেইটায়ো ভাইৰেল পড়তাল আদি নাম দি ফেক নিউজৰ বিৰুদ্ধে সজাগতামূলক অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে যদিও সেয়া সঠিক ৰূপত কৰা দেখা পোৱা হোৱা নাই৷ 

 
অসমতো ইতিমধ্যে ফেক নিউজে নিজৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে৷ ফেক নিউজৰ পৰা যাতে অসমৰ নেটিজেনসকলক ৰক্ষা কৰিব পৰা যায় তাৰ বাবে News Next One-এ হাতত লৈছে বিশেষ পদক্ষেপ৷ আমাৰ Fact-চেকিং শিতানত পঢ়িবলৈ পাব প্ৰতিটো ফেক নিউজৰ সত্যাসত্য৷ ফেচবুক, হোৱাটছএপ, আনকি টিভি চেনেলত পোৱা বাতৰিক লৈয়ো যদি আপোনাৰ সন্দেহ ওপজে তেন্তে বাতৰিটোসহ আমালৈ মেইল (newsnextonene@gmail.com) কৰিব পাৰে৷ আমাৰ Fact-চেকিং টীমে তেনে বাতৰিৰ প্ৰকৃত সত্য অসমবাসী ৰাইজক জনাবলৈ সংকল্প গ্ৰহণ কৰিছে৷ আজিৰ এই বাতৰিটো প্ৰস্তুত কৰোতে বিবিচিৰ Fact-চেকিং শিতানৰ সহায় লোৱাৰ লগতে নিজাববীয়াকৈও ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চোৱা হৈছে।

 
শ্বেয়াৰ কৰাৰ আগত হওক সাৱধানঃ

 
এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us