ফেক নিউজৰ বলি হ’বলগীয়াত পৰিছে ফেক নিউজৰ বিৰুদ্ধে সৰ্বসাধাৰণক সততে সজাগ কৰি অহা ৰমন মেগছেছে বঁটা বিজয়ী প্ৰসিদ্ধ সাংবাদিক ৰবীশ কুমাৰ৷ এইকেইদিন ছ’চিয়েল মিডিয়াত যেনিয়ে-তেনিয়ে ঘূৰি ফুৰিছে ৰবীশ কুমাৰ এটা ভিডিঅ'৷ হয়তো আপোনাৰো চকুত পৰিছে৷ এই ভিডিঅ’টোৰ বাবেই বিতৰ্কৰ সূচনা হৈছে সাংবাদিকগৰাকীৰ জীৱনত৷ দৰাচলতে ভিডিঅ’টোত আছে কি? দুটা ভিডিঅ’ জোৰা লগাই এই ভিডিঅ’টো প্ৰস্তুত কৰা হৈছে৷ প্ৰায় ৩০ ছেকেণ্ডৰ ভিডিঅ’টোৰ আধা অংশ ২০১৩ চনৰ এটা টিভি শ্ব’ৰ আৰু আনটো অংশ ২০১৯ বৰ্ষৰ এটা অনুষ্ঠানৰ৷ ২০১৩ চনত ভাৰতৰ জিডিপি( Gross Domestic Product) ৫ শতাংশলৈ হ্ৰাস পাইছিল৷ সেই সময়ত আছিল কংগ্ৰেছৰ চৰকাৰ৷ ৰবীশ কুমাৰে ২০১৩ চনৰ ভিডিঅ’টোত কৈছে যে এয়া কোনো চিন্তাৰ বিষয় নহয়৷ আনহাতে ২০১৯ চনত বিজেপিৰ চৰকাৰৰ দিনত ভাৰতৰ জিডিপি ৫ শতাংশলৈ হ্ৰাস পোৱাত ৰবীশ কুমাৰে কয় যে দেশখনক মন্দাৱস্থাই কব্জা কৰিছে৷ বিষয় একেটাই, মানুহো একেজন কিন্তু মতহে দুটা৷ তাতেই লাগিল লেঠা৷ মানুহৰ মাজত এটা কথা ব্যাপক ৰূপত বিয়পি পৰিল যে সাংবাদিক ৰবীশ কুমাৰ কংগ্ৰেছৰ দালাল৷ কিন্তু কিমানদূৰ সত্য এই কথা!

 

২০১৩ চনৰ ভিডিঅ’টোত ৰবীশ কুমাৰে কৈছিল, ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাকলৈ আমি বেছি উদ্বিগ্ন হোৱা নাইনে? বিশ্বত খুব কমেই এনে দেশ ওলাব য’ত ৫ শতাংশ হাৰতকৈ অৰ্থনৈতিক ব্যৱস্থা বৃদ্ধি পাইছে৷ ২০১৯ চনৰ ভিডিঅ’টোত ৰবীশ কুমাৰৰ মত- ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা অতি নিম্নগামী হৈছে৷ জিডিপিত ৫ শতাংশলৈ হ্ৰাস পোৱালৈ চাই বুজিব পাৰি যে দেশত অৰ্থনৈতিক মন্দাৱস্থা চলি আছে৷ এয়া তেওঁৰ সম্পূৰ্ণ ওলোটা মত বুলিয়েই ক’ব লাগিব৷  

 

মিছা বাতৰি প্ৰচাৰ


সংবাদ জগতলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদান তথা দায়ৱদ্ধ সাংবাদিকতাৰ বাবে ৰবীশ কুমাৰক ২০১৯ বৰ্ষৰ ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰা হৈছে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল আৰু চৰ্চিত হৈ পৰা ভিডিঅ’টো কিছুমান ভুল বাখ্যাৰে মানুহক বিপথে পৰিচালিত কৰিব বিচৰা হৈছে বুলি পোহৰলৈ আহিছে৷

 

২০১৩ চনৰ ভিডিঅ


বিতৰ্কিত ভিডিঅ’টোত ব্যৱহাৰ কৰা পুৰণা ভিডিঅ’টো ২০১৩ চনত ২৭ ফেব্ৰুৱাৰীত প্ৰচাৰ হোৱা ৰবীশ কুমাৰৰ টিভি শ্ব’ৰ এক অংশ৷ এই শ্ব’ত ইক’নমিক ছাৰ্ভে ৰিপৰ্ট ২০১২-১৩ৰ বিষয়ে চৰ্চা কৰা হৈছিল৷  এই ৰিপ’ৰ্ট সেই সময়ৰ বিত্ত মন্ত্ৰী পি চিদাম্বৰমে সংসদত দাখিল কৰিছিল৷ শ্ব’টোৰ আৰম্ভণিতে ৰবীশ কুমাৰে কৈছিল ‘‘দেশৰ আৰ্থিক স্থিতি এই সময়ত একেবাৰেই ঠিক নহয়৷ ভৱিষ্যতে ভাললৈ অহাৰ সম্ভাৱনা আছে৷ অতীতৰ সৈতে তুলনা কৰিলে আমি দেখিবলৈ পাওঁ ভাৰতে ৮-৯ শতাংশ বিকাশৰ হাৰেৰে আগুৱাই গৈ আছিল। তেনেস্থলত বৰ্তমান সময়ৰ অৰ্থনৈতিক ব্যৱস্থা নিম্নগামী হোৱা বুলি ক’বই লাগিব৷’’  ২০১২-১৩ বৰ্ষৰ  ইক’নমিক ছাৰ্ভে ৰিপৰ্টত উদ্যোগ, খেতি, উৎপাদন, ছাৰ্ভিছ ছেক্টৰ সকলোখিনিয়েই অতি নিম্নগামী হোৱাৰ কথা প্ৰকাশ পাইছিল৷ এই শ্ব’টোত উপস্থিত আছিল ভাৰতৰ অৰ্থনৈতিক পৰামৰ্শদাতা কৃষ্ণমূৰ্তি সুব্ৰমণিয়াম৷ তেওঁক ৰবীশ কুমাৰে প্ৰশ্ন কৰিছিল, 'আমাৰ দেশৰ অৰ্থনৈতিক বিকাশৰ কাহিনী ইয়াতেই ৰুদ্ধ হৈ পৰিল নেকি? আৰু আমাৰ দেশৰ স্থিতি বাঘৰ পৰা এতিয়া ছাগলীলৈ পৰিৱৰ্তিত হোৱা নাইতো?’

 

ইয়াৰ উত্তৰত বিশ্বৰ অৰ্থনীতিৰ প্ৰসংগ উল্লেখ কৰি কে সুব্ৰমণিয়ামে কৈছিল, 'বিশ্বৰ বজাৰত আৰ্থিক সংকট ইমানো ভয়াৱহ হৈ পৰা নাই যে ভাৰতে মাত্ৰ ৫ শতাংশ হাৰত বিকাশৰ গতি আগবঢ়াব। যোৱা বছৰ (২০১২-১৩) ২৭ খন দেশে ৭ শতাংশতকৈয়ো অধিক হাৰত বিকাশ দৰ চুইছিল। তালৈ চাই এই চৰকাৰখনে নিজৰ নীতিসমূহক লৈ চিন্তা কৰি চোৱাৰ সময় আহি পৰিছে।’ তেতিয়া ৰৱীশ কুমাৰে অনুষ্ঠানটোত ভাগ লোৱা কংগ্ৰেছৰ সঞ্জয় নিৰুপমক প্ৰশ্ন কৰিছিল যে  দেশৰ এনে আৰ্থিক সংকটৰ দায়িত্ব এতিয়া কোনে ল’ব? তাৰ উত্তৰত নিৰপমে কয়, 'দেশে আৰ্থিক সংকটত ভুগিছে, এই লৈ কাৰো মত বিৰোধ নাই। কিন্তু এয়াও কব লাগিব যে বহু পশ্চিমীয়া দেশতকৈ ভাৰতৰ বিকাশৰ হাৰ যথেষ্ট ভাল।’

 

২০১৯ চনৰ ভিডিঅ

 

ভাইৰেল ভিডিঅ’টোৰ আনটো অংশত সংযোগ কৰা হৈছে ২০১৯ চনৰ ৩০ আগষ্টত এনডিটিভি যোগে সম্প্ৰচাৰিত ৰবীশ কুমাৰৰ প্ৰাইম টাইম অনুষ্ঠানৰ ভিডিঅ’ৰ কিয়দংশ। এই অনুষ্ঠানটোত ৰবীশ কুমাৰে আৰম্ভণিতে কোৱা কথাখিনি সংযোগ কৰা হৈছে ভাইৰেল ভিডিঅ’টোত। তেওঁ কৈছে, 'ভাৰতৰ অৰ্থব্যৱস্থা ভাল স্থিতিত নাই। সেয়া গোপন কৰাৰ একাধিক কৌশলৰ মাজতো আজি জিডিপিৰ তথ্যই সকলো পোহৰলৈ আনিছে। ৬ বছৰৰ ভিতৰত ভাৰতৰ জিডিপি ইমান তললৈ অৱনমিত হৈছে। ২০১৩ৰ প্ৰথম তিনিমাহত ভাৰতৰ বিকাশৰ হাৰ আছিল ৪.৩ শতাংশ। ইয়াৰ পিছত এই বছৰৰ প্ৰথম তিনিমাহত জিডিপি আটাইতকৈ কম হৈছে।’

 

ৰবীশ কুমাৰে আৰু কৈছে, '৫ শতাংশ জিডিপিয়ে এই কথা স্পষ্ট কৰে যে ভাৰতৰ অৰ্থব্যৱস্থা গভীৰ সংকটত সোমাই পৰিছে। কৃষি, খনন, নিৰ্মাণ, উৎপাদন আৰু ৰিয়েলষ্টেটৰ অৱস্থা তেনেই তথৈবচ।’ ৩০ আগষ্টত ভাৰতৰ মুখ্য আৰ্থিক উপদেষ্টা কৃষ্ণমূৰ্তি সুব্ৰমণিয়ামে ভাৰতৰ জিডিপিৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰাৰ পিছতে প্ৰাইম টাইমত এই বিষয়টো বাছি লৈছিল বিশিষ্ট সাংবাদিকগৰাকীয়ে।

 

ফেক নিউজৰ চিকাৰ ৰবীশ কুমাৰ

 

ছ’চিয়েল মিডিয়াত ওপৰত উল্লিখিত দুটা পৃথক অনুষ্ঠানৰ ভিডিঅ’ৰ পৰা সুকীয়া প্ৰসংগত কোৱা কথাক ভিডিঅ’ এডিটিং কৰি জোৰা লগাই দুষ্ট চক্ৰই এতিয়া প্ৰচাৰ কৰিছে এটা ফেক ভিডিঅ’। ৰবীশ কুমাৰৰ বিৰুদ্ধে ফেক নিউজ বিয়পোৱা আৰু সেই ফেক নিউজৰ ভিত্তিত ট্ৰল কৰা এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও একাধিকবাৰ ফেক নিউজ মেকাৰসকলে বিশিষ্ট সাংবাদিকজনৰ বিৰুদ্ধে বিভিন্ন অপ-প্ৰচাৰ চলাই অহা দেখা গৈছে। যোৱা ৬ ছেপ্টেম্বৰত ৰমণ মেগছেছে বঁটা গ্ৰহণ কৰি দিয়া ভাষণতো তেওঁ ফেক নিউজ আৰু ট্ৰলৰ প্ৰসংগ অৱতাৰণা কৰিছিল। 

 

ভাষণটোত তেওঁ কয়, 'সমগ্ৰ দেশতে মোৰ ফোন নম্বৰ ট্ৰল আৰ্মীসকলে ভাইৰেল কৰিছে যাতে মোক গালি দিব পাৰে। গালি আহিছে, ভাবুকি আহিছে। আৰু আহিয়ে আছে, কিন্তু সেই একেটা নম্বৰতে বহুতে নিজ নিজ অঞ্চলৰ খবৰ জনাইছে। মই সেইসকল লোকৰ কথা ক’ব বিচাৰিছো, যিসকলে প্ৰথমে ট্ৰল কৰিছিল, গালি দিছিল, পিছে পৰৱৰ্তী সময়ত নিজৰ ভুল উপলব্ধি কৰি মোৰ ওচৰত ক্ষমা বিচাৰিছে। যেতিয়া শাসকীয় দলে মোৰ শ্ব’ বৰ্জন কৰিছিল, তেতিয়া মোৰ সকলো পথ বন্ধ হৈ পৰিছিল। সেই সময়ত এইসকলেই আছিল যিসকলে নিজৰ সমস্যাৰ কথা, নিজৰ অঞ্চলৰ অভাৱ-অভিযোগৰ কথাৰে মোৰ শ্ব’ ভৰাই তুলিছিল।’

 

ভাইৰেল ভিডিঅ’ক লৈ ৰবীশ কুমাৰে কি ক’লে বিবিচিক?

 

ভাইৰেল ভিডিঅ’ সন্দৰ্ভত ৰবীশ কুমাৰে বিবিচিক দিয়া এক সাক্ষাৎকাৰত কয়, 'আইটি চেলে মোৰ পিছত ইমানকৈ লাগি কষ্ট কৰি ফুৰিছে কিয়? ৫ বছৰ ৬ মাহৰ পৰিশ্ৰমৰ অন্ততো তেওঁলোকে যেতিয়া একো নাপালে তেতিয়া মোৰ আগৰ অনুষ্ঠানৰ দুশাৰী কথা জোৰা লগাই ভাইৰেল কৰিবলৈ উঠি-পৰি লাগিছে। তেওঁলোকৰ চেষ্টা এটাই যে যাতে মোক কংগ্ৰেছৰ সমৰ্থক সজাব পাৰে। ভাবি চাওকচোন যদিহে এই চেষ্টা তেওঁলোকে বাকী সংবাদ প্ৰতিষ্ঠানৰ এংকৰ সকলৰ শ্ববোৰক লৈয়ো কৰিলেহেতেন তেন্তে কিমান সমল পালেহেতেন। তেওঁলোকে অতীতলৈ যোৱাৰ প্ৰয়োজন নাই। এই সপ্তাহৰ যিকোনো এটা বহতীয়া নিউজ চেনেলৰ যিকোনো এটা অনুষ্ঠান লওক, দেখিব যে প্ৰতিটো কথা চৰকাৰৰ মুখপাত্ৰৰ সৈতে হুবহু মিলি গৈছে। মুঠৰ ওপৰত কথা এয়াই যে তেওঁলোকৰ উদ্দেশ্য সাংবাদিকতাক কাঠগৰাত থিয় কৰোৱাতো নহয়, তেওঁলোকৰ উদ্দেশ্য হৈছে মোক বদনামী কৰিবলৈ চেষ্টা কৰা।’ ৰবীশে আৰু কয়, 'যেতিয়াই মোৰ সৈতে জড়িত এনে ফেক ভিডিঅ’ ওলাই সেয়া এনেদৰে ভাইৰেল কৰোৱা হয়। পৰিতাপৰ কথা এয়ে যে এনে অপপ্ৰচাৰত সাংবাদিকসকলো ভোল যায়।’

 

শ্বেয়াৰ কৰাৰ আগত হওক সাৱধানঃ


এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us