আমগুৰিঃ গান এৰি ধন দাবীত নামিল এজন তথাকথিত গায়ক৷ সদৌ অসম মুক্তিকামী সন্থা নাম নামৰ সংগঠন এটাৰ নামত চিকিৎসকৰ পৰা ধন বিচাৰি এতিয়া ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক৷ 

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত দিছিয়াল গাঁৱৰ যুৱকজন হেনো পোছাত গায়ক৷ এয়া তেওঁ নিজকে নিজে দিয়া পৰিচয়৷ দীপাংকৰ নামৰ এই তথাকথিত গায়কজনে পিছে গান গাবলৈ এৰি নিজাকৈ কুলি ল’লে সংগঠন৷ নাম দিলে সদৌ অসম মুক্তিকামী সন্থা৷ 

পিছে আচৰিত হোৱাৰ পাল এতিয়াহে৷ কিয়নো এই অখ্যাত সংগঠনটোৰ সদস্য মাত্ৰ এজনেই৷ সেয়া দীপাংকৰ নেওগ নিজেই৷ আনহাতে একান্তই নিজা সংগঠনটোৰ দ্বাৰা দীপাংকৰে আৰম্ভ কৰিলে ধন ঘটাৰ পৰিকল্পনা৷ 

পৰিকল্পনা অনুযায়ী একেখন গাঁওৰে পেছাত চিকিৎসক অনুপ বৰাই ঘৰত শিশু শ্ৰমিক ৰখাৰ গইনা লৈ স্বয়ম্ভু গায়ক-নেতা দীপাংকৰে নিজে সৃষ্টি কৰা সংগঠনৰ নামত ১০ লাখ টকাৰ ধন দাবী পত্ৰ প্ৰেৰণ কৰে৷ তদুপৰি ফোন যোগেও ধন দাবী কৰে চিকিৎসকগৰাকীক৷ 

চিকিৎসক অনুপ বৰাই ভয় খাই গৌৰীসাগৰ থানাৰ সহায় বিচাৰি ভুৱা সংগটনটোৰ নামত এখন এজাহাৰ দাখিল কৰে৷ তাৰ পাছতেই বাহিৰ হ’ল জোলোঙাৰ মেকুৰী৷ আৰক্ষীয়ে পতা ফান্দত ভৰি থৈ আটক হ’বলগীয়া হ’ল গায়ক-নেতা দীপাংকৰ৷ 

আনহাতে ভুৱা সংগঠনৰ নেতা দীপাংকৰে আৰক্ষীৰ আগত নিজৰ ভুল স্বীকাৰ কৰে৷ যুৱকজনে লগতে কয় যে সদৌ অসম মুক্তিকামী সন্তা নাম দি এটা সংগঠন খোলাৰ ইচ্ছা আছিল৷ কিন্তু সেয়া বাস্তৱত ৰপায়িত কৰিব নোৱাৰাত দুখ কৰে স্বয়ম্ভু নেতাজনে৷