newsnextone.com |  গুৱাহাটীঃ ৰাজপথত হাজাৰ হাজাৰ মানুহ। হাজাৰ হাজাৰ মানুহে আৰক্ষীক খেদি লৈ আহিছে। আৰক্ষীৰ গালৈ শিলাবৰ্ষণ কৰিছে। চিঞৰ বাখৰ কৰা হৈছে। ফেচবুকত আপলোড কৰা হৈছে এনে দৃশ্যৰ এটা ভিডিঅ'। ভিডিঅ' আপলোড কৰি কোৱা হৈছে যে অসমত হাংগামা লাগিছে। কাৰণ হৈছে এনআৰচি। মুঠৰ ওপৰত এতিয়া অসম জ্বলাবলৈ একাংশ লোকে উঠি পৰি লাগিছে। ছ'চিয়েল মিডিয়াত এনেদৰে ভিডিঅ' আপলোড কৰি সমাজক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰাৰ চেষ্টা কৰা হৈছে।

অসমৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নথকা একাংশ ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰি অসম জ্বলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ লোকে। এই ষড়যন্ত্ৰ অসম বা ভাৰতত কৰা নাই। এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছে মধ্য প্ৰাচ্যত। একাংশ লোকে বাৰে বাৰে অসমত হাংগামা লগা বুলি ভিডিঅ' যোগে প্ৰচাৰ কৰিব খুজিছে। শেহতীয়াকৈ একঘণ্টা পূৰ্বে  Abdul Kadir Chy নামৰ ফেচবুক একাউণ্টৰ জৰিয়তে (NRC ko lekr assam mai hungama) এনআৰচিক লৈ অসমত হাংগামা বুলি কেপচন লিখি ভিডিঅ' আপলোড কৰে। ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশ লোকে এই ভিডিঅ'টো ভুৱা বুলি দাবী কৰে।  ভিডিঅ'টো কোন ঠাইৰ বুলি বাৰে বাৰে কমেণ্ট কৰিছে যদিও লোকজনে এতিয়ালৈ উত্তৰ দিয়া নাই। আনহাতে ফেচবুকৰ গৰাকীৰ ঠিকনা চৌদি আৰবৰ জেড্ডাৰ বুলি উল্লেখ আছে। 

উল্লেখ্য যে, এনআৰচিৰ সম্পূৰ্ণ খচৰাৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ বিষয়ত সক্ৰিয় ভূমিকা পালন কৰি একাংশ লোকে অসমত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰাৰ বিৰুদ্ধে অসম আৰক্ষী অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজন আছে। এনআৰচিৰ খচৰাৰ পৰা ৪০ লাখ বাদ পৰা বিষয়ত বিৰোধিতা কৰি অসমত একাংশ লোকে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈ আহিছে। 

 তীব্ৰ বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এনে কাণ্ডই। অসম নহয়, ভাৰতৰেই ভূখণ্ড পাৰ হৈ গৈ কেলেইনো এনআৰচিৰ বিষয়ত মধ্য প্ৰাচ্য পালেগৈ সি বৰ ৰহস্যৰ বিষয় হৈ পৰিছে। একাংশ লোকে হতাশাগ্ৰস্ত বা ক্ষোভিত হৈ ক্ষোভ প্ৰকাশ কৰিবলৈ এনে কাণ্ড কৰিছে সঁচা কিন্তু অসমত সংঘটিত হ'ব পৰা এনে হিংসাত্মক ঘটনা ৰোধ কৰিব লাগিব অসমৰ অসমীয়াই।