গুৱাহাটীঃ নিজৰ পুত্ৰক বিচাৰি পশ্চিম বংগৰপৰা অসম পাইছেহি পৰিয়াল। যোৱা ২০১৩ চনৰ ১৭ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে পশ্চিম বংগৰ এজন কিশোৰ। নিৰুদ্দিষ্ট কিশোৰটো ৱেষ্ট বেংগলৰ নদীয়াৰ বাসিন্দা সুশীল সন্ন্যাসীৰ পুত্ৰ মোহিতোষ সন্ন্যাসী (১৮)।

দেশৰ বিভিন্ন ৰাজ্যত বিচাৰ-খোচাৰ কৰিছে যদিও কোনো শুংসূত্ৰ পোৱা নাই কিশোৰটোৰ। এতিয়া নিৰুদ্দিষ্ট কিশোৰটোৰ পৰিয়ালে নিজ সন্তানক বিচাৰি গুৱাহাটীত উপস্থিত হৈছে। কৰ্মসূত্ৰে গুৱাহাটীলৈ আহি মোহিতোষ নিৰুদ্দেশ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

কোনো লোকে যদি মোহিতোষ সন্ন্যাসীৰ সন্ধান পায়, তেন্তে 83458-79298 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।