ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই মন্তব্য কৰি সততে বিতৰ্কত সোমাই পৰা দেখা যায়৷ কিন্তু এইবাৰ ৰাম ভক্ত হ’ল ফাৰুক আব্দুল্লা৷ শণিবাৰে নতুন দিল্লীত আয়োজিত এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য আগবঢ়োৱাৰ পিছতে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷ 

আব্দুলাই কয়, ‘মই মুছলমান হ’ব পাৰোঁ৷ কিন্তু কিয় জানো, ভগৱান ৰামৰ প্ৰতি মোৰ অগাধ ভক্তিভাৱ আছে’৷ আব্দুলাই এই মন্তব্য কৰাৰ লগতে সংবাদমেলত এটি ভজন পৰিৱেশন কৰি ৰামৰ প্ৰতি থকা ভক্তিপ্ৰেমৰ কথা দোহাৰে৷ তদুপৰি ফাৰুক আব্দুলাই, এনেবোৰ কাৰণৰ বাবে মুছলমানসকলে তেওঁক হিন্দু সমাজৰ লোক বুলি ভৱাৰ লগতে হিন্দু সকলে মুছলমান বুলি ভবা কথাটোও সংবাদমেলত ব্যক্ত কৰে৷ 

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে, কাশ্মীৰক লৈ ভাৰত-পাকিস্তান মাজৰ দীৰ্ঘদিনীয়া বিবাদ সন্দৰ্ভত কয়, আলোচনাৰ জৰিয়তেহে যিকোনো সমস্যাৰ নিষ্পতি কৰিব পাৰি৷ কাশ্মীৰৰ বিষয়টোকলৈ আলোচনাত মিলিত হ’লেহে দুয়োখন দেশৰ শান্তি বাহাল থাকিব৷ যুদ্ধংদেহি মনোভাৱে দুয়োখন দেশৰ ক্ষতিহে কৰিব বুলি কয় আব্দুল্লাই৷ 

ইয়াৰোপৰি জম্মু-কাশ্মীৰৰ সমস্যাটোক ওৰ পেলাবৰ বাবে ফাৰুক আব্দুল্লাই সমাধানৰ পথ বিচাৰি উলিওৱাৰ আশ্বাস প্ৰদান কৰে সংবাদ মাধ্যমৰ জৰিয়তে৷ লগতে ভাৰত-পাকিস্তান অধীকৃত কাশ্মীৰ ভাৰতে পাকিস্তানৰ পৰা কাঢ়ি অনাটো অসম্ভৱ বুলি কয় আব্দুলাই৷ জম্মু-কাশ্মীৰ যে ভাৰতৰ অবিচ্ছেদ্য অংগ তাক আব্দুল্লাই ব্যক্ত কৰাৰ লগতে আগলৈও ভাৰতৰে অংশীদাৰ হৈ থাকিব বুলিও মন্তব্য কৰে ফাৰুক আব্দুল্লাই৷