গুৱাহাটীঃ Gitika Dutta নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ টাইমলাইনত আপডেট দিয়া এখন চিঠি ইতিমধ্যে ৰাজ্যত ভাইৰেল হৈ পৰিছে৷ প্ৰায় ১৫০০ লোকে Gitika Dutta ৰ টাইমলাইনৰ পৰা চিঠিখন শ্বেয়াৰ কৰিছে৷ শ-শ লোকে কমেন্ট দিছে চিঠিখন সন্দৰ্ভত৷ দুগৰাকী সাংবাদিকে তেওঁলোকেৰ বিদ্যালয়ত উপস্থিত কি কৰিছিল সেই সন্দৰ্ভত বৰ্ণনা দিয়া চিঠিখনত লিখিছে কি৷ যাৰ বাবে ভাইৰেল হৈ পৰে৷ 

Gitika Dutta ই এখন কাগজত লিখি আপডেট কৰা চিঠিখনত তেওঁ কয় ‘‘৩১-০৩-২০১৭ তাৰিখ শুকুৰবাৰে আমাৰ বিদ্যালয়লৈ দুজন সাংবাদিকৰ আগমন ঘটিল৷ তেওঁলোকে হঠাও শ্ৰেণী চলি থকা অৱস্থাতে কোঠাত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে ছাৰ জনক এখন কাগজত লিখি অনা প্ৰশ্নৰে থকা-সৰকা কৰিবলৈ সাজু হ’ল৷ প্ৰশ্ন আকৌ কি? ৰাজ্যপাল, মুখ্যমন্ত্ৰী, স্বৰ-বৰ্ণ ব্যঞ্জন বৰ্ণ ইত্যাদি৷ যেতিয়া ছাৰ জনে প্ৰশ্ন বোৰৰ সঠিক উত্তৰ দিলে তেতিয়া তেওঁলোকে কলে ‘আমি এলপি স্কুল বুলি ভুলতে সোমালো৷’ কিন্তু তেওঁলোকে যত বাইক ষ্টেণ্ড কৰিছিল তাৰ থিক ওপৰতে ডাঙৰকৈ বিদ্যালয়ৰ নাম এম ই স্কুল বুলি লিখাই আছিল৷ তেঁওলোকৰ কিয় ভুল হ’ল? শিক্ষসকলৰহে ভুল হয়৷ শিক্ষসকলৰহে ভুল তেওঁলোকে বাটে-ঘাটে বিচাৰি ফুৰে৷ এতিয়া কথা হ’ল সাংবাদিকসকল স্কুল ইন্সপেক্টৰ নেকি যে শ্ৰেণী চলি থাকোতেই সোমাই গৈ পাঠদান নষ্ট কৰাৰ লগতে শিক্ষক পঢ়ুওৱাৰ মানসিকতাও শেষ কৰে৷ বিভিন্ন টিভি চেনেলত আজিকালি আমি প্ৰায়ে দেখা পাওঁ যে তেওলোকৰ এটাই উদ্দেশ্যে যেন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক হেয় প্ৰতিপন্ন কৰা৷ গতিকে মোৰ কথাটো হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল সাংবাদিক ৰূপী স্কুল ইন্সপেক্টৰৰ পৰা সাৱধান হবৰ হ’ল৷’’

Gitika Duttaনামৰ মহিলাগৰাকীয়ে আপডেট দিয়া চিঠিখনত উল্লেখ কৰা স্কুল খন কোন ঠাইৰ সেই কথা জানিব পৰা হোৱা নাই৷ যিয়ে নহওক ৰাজ্যৰ ছচিয়েল মিডিয়াত এতিয়া চিঠিখন সন্দৰ্ভক সৰৱ চৰ্চা আৰম্ভ হৈছে৷