ডিজিটেল ডেস্কঃ আপুনি ফেচবুক ব্যৱহাৰ কৰে নে? যদি কৰে তেন্তে ফেচবুক কৰ্তৃপক্ষই আপোনাৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে৷ ফেচবুক এতিয়া কেৱল এক ছচিয়েল মাধ্যম হৈয়ে থকা নাই৷ অনলাইন বজাৰৰ পৰা অনলাইন গেম খেলালৈকে ফেচবুকত সকলো সুবিধা লাভ কৰিব পৰা যায়৷ যিয়ে নিশ্চয় আপোনাৰ দৈনন্দিন জীৱন অধিক আনন্দমুখৰ কৰি তোলাত সহায় কৰিছে৷ 

শেহতীয়াকৈ ফেচবুকত আন এক নতুন সংযোজন ঘটোৱা হৈছে৷ যাৰ জৰিয়তে ফেচবুক ব্যৱহাৰকাৰীসকলে পেটিএম, ফ্ৰী চাৰ্জ, ৰিজাৰ্জ ইট নাউ বা তেনে কোনো এপ ব্যৱহাৰ নকৰাকৈ অতি সহজে নিজৰ মোবাইল নম্বৰ ৰিচাৰ্জ কৰিব পাৰিব৷

ফেচবুকৰ জৰিয়তে কেনেদৰে কৰিব মোবাইল ৰিচাৰ্জ

ফেচবুকৰ জৰিয়তে মোবাইল ৰিচাৰ্জ কৰা অতি সহজ ৷ মাত্ৰ কেইটামান নিৰ্দেশনা অনুসৰণ কৰি ফেচবুক ব্যৱহাৰকাৰীয়ে অইন এপ ব্যৱহাৰতকৈ সহজে মোবাইল ৰিচাৰ্জ কৰিব পাৰিব৷

♦প্ৰথমে আপোনাৰ ফেচবুক একাউন্টটো খুলি সোঁফালে থকা ‘ম্যেনু’ত ক্লিক কৰক৷

♦‘ম্যেনু’ত ক্লিক কৰাৰ পাছত আপুনি ব্যৱহাৰকাৰীৰ ফীড, ফটোজ আদিৰ অপচন দেখা পাব৷ ইয়াৰ তলত থকা See Moreত ক্লিক কৰক৷

♦আপুনি মোবাইল ৰিচাৰ্জ অপচনটো দেখিবলৈ পাব৷ আপুনি তাত ক্লিক কৰক৷

♦আপুনি ৰিচাৰ্জ কৰিব বিচৰা মোবাইল নম্বৰটো ভৰাওক আৰু আপোনাৰ মোবাইল নম্বৰৰ অপাৰেটৰ বাচনি কৰক৷

♦আপুনি কিমান টকাৰ ৰিচাৰ্জ কৰিব বিচাৰে সেয়া ভৰাওক৷ (আপোনাৰ নম্বৰত থকা বিভিন্ন অফাৰ সমূহৰ বিষয়েও আপুনি জানিব পৰিব)

♦আপুনি ৰিচাৰ্জ কৰিবলৈ ভিজা/মাষ্টাৰ অথবা ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ কৰিব পাৰে৷ কাৰ্ডৰ সবিশেষ পূৰ কৰক৷

♦শেষত Recharge Nowত ক্লিক কৰি আপুনি আপোনাৰ ৰিচাৰ্জ সম্পূৰ্ণ কৰক৷

অৱশ্যে ফেচবুকৰ এই মোবাইল ৰিচাৰ্জ এপ বৰ্তমান কেৱল এন্ড্ৰইড ব্যৱহাৰকাৰী সকলকহে প্ৰদান কৰা হৈছে৷ ফেচবুক কৰ্তৃপক্ষই জনোৱা মতে আইওএচ ব্যৱহাৰকাৰীসকলৰ বাবে এই ফীচাৰ উপলব্ধ হওতে কিছু সময়ৰ প্ৰয়োজন হ’ব৷ উল্লেখ্য যে, কিছুদিন আগতে আন এক বহুল প্ৰসাৰিত চচিয়েল মাধ্যম হোৱাটচএপয়েও এক নতুন ফীচাৰ উপলব্ধ কৰাইছিল৷ সেই ফীচাৰৰ জৰিয়তে হোৱাটচএপ ব্যৱহাৰকাৰী সকলে যিকোনো নম্বৰলৈ অনলাইন টকা ট্ৰেন্সফাৰ কৰিব পাৰে৷

যি সময়ত ফেচবুক ব্যৱহাৰকাৰীৰ সুৰক্ষা আৰু গোপনীয়তা আলোচনাৰ বিষয় হৈ পৰিছে, সেই সময়ত ফেচবুক কৰ্তৃপক্ষই আন এক নতুন ফীচাৰ ফেচবুকত সংযোজন কৰাটো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে৷