গুৱাহাটীঃ #নমস্কাৰ

#প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া,

আপোনাৰ সমষ্টি বঢ়মপুৰৰ দুৰ্দশাৰ ভুক্তভুগী আমি পঢ়ি থকা ছাত্ৰ.....ক’ত আছে আপুনি? আৰু কিমান দিন লুকাই থাকিব? আৰু কিমান দিন চলিব আপোনাৰ স্বেচ্ছাচাৰীতা? আৰু কিমান দিন কষ্ট দিব আমাক.....এটা নিৰ্দিষ্ট দিন উল্লেখ কৰি দিয়ক পাৰে যদি..

নিজেটো বিলাসী গাড়ীত ঘূৰি, বিলাসী ঘৰত থাকি দিন কটাইছে কিন্তু সমষ্টিৰ দুখীয়া ৰাইজৰ কি অৱস্থা হৈছে এবাৰ খবৰ ল'বলৈ আহৰি নহয় আপোনাৰ....আন নালাগে দেশৰ ভৱিষ্যত বুলি ভৱা ছাত্ৰসকলৰ কথা এবাৰ ভাবক আৰু বেছি একো নালাগে অন্তত ৰাস্তাটো বনাই দিয়ক....মাহটোত দুই তিনিবাৰ দেখো ৰাস্তাৰ জোখ ল'বলৈ মানুহ আহে.....বহুদিনৰ পৰা সেইখন কি ভাওনা চলি আছে??? নিজক কি বুলি ভাৱে আপুনি??

 

এটা কথা মনত ৰাখিব....ভাল ৰাস্তা বুলিলে উন্নয়ন বুজাই কিন্তু উন্নয়ন বুলিলে কেৱল ৰাস্তাক নুবুজাই.....সমষ্টিটোত কৰিবলগীয়া বহুত কাম আছে.....আমাক উন্নয়ন লাগে বুলি আমি আপোনাৰ ভৰিত ধৰিব লাগিব নেকি......মানুহৰ নিষ্ঠুৰতাৰ এটা সীমা থাকে.....আচল কথা কি জানে।

আপোনাৰ মানসিকতাই নাই আৰু সমাজ খনৰ বাবে সমষ্টিটোৰ বাবে কিবা এটা কৰাৰ....২৫ বছৰে অহা উন্নয়নৰ টকাবোৰ ক’ত লুকাই থৈছে ছাৰ......নাতি পুতিৰ বাবে ন.......যদি ৰাইজৰ বাবে একো কৰিব নোৱাৰে তেন্তে হাত দাঙি দিয়ক........আৰু টকা ঘটিবৰ মন যদি বিজনেছ কৰক......সঁচা কৈছো, যিমান বুদ্ধি আপুনি ৰাইজৰ আগত মুখ লুকুৱাবলৈ খটাইছে সেইখিনি বিজনেচত লগালে বহুত সফল হ'ব পাৰিব......

মহন্ত ডাঙৰীয়া আপুনি নিজে এদিন টেম্প এখনত নগাঁও টাওনৰ পৰা চাপানালালৈ যাত্ৰা কৰিব.....তেতিয়া বুজিব.....এজন কলেজীয়া ছাত্ৰ হিচাপে দৈনিক তেনেকুৱা ৰাস্তাৰে টেম্পত আহোতে কি অসুবিধা হয় লিখি বুজাব নোৱাৰি.....আপোনাৰ প্ৰবলেম কি??...কিহৰ বাবে ইমান শাস্তি দিছে ৰাইজক....

কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে MLA ফান্দৰ টকা আহিছিল বাকিবোৰ সমষ্টিত দিলে.....আমাক কিয় নিদিলে ক'ত খৰচ কৰিলে সেই টকা? হিচাপ দিবলৈ দম আছে যদি আহক.......

বাৰে বাৰে আপোনাৰ ওপৰত আস্থা ৰাখি আপোনাক ভোট দিয়ে..... কিয়নো আপোনাৰ প্ৰতি সমষ্টিৰ মানুহৰ এটা আন্তৰিকতা আৰু আপোনত্ব আছে......কিন্তু আপুনি ৰাইজৰ এই মৰমৰ সুবিধা গ্ৰহণ কৰি বুঢ়া আঙুলি দেখাই আছে......ভাল কাম কৰা নাই ৰাইজৰ বিশ্বাসৰ লগত ধেমালি কৰি......

শেষত এটাই কথা কওঁ .....মোৰ দৰে প্ৰতিজন বঢ়মপুৰ বাসী ৰাইজ অধৈয্য হৈ গৈছে.......আপোনাৰ ওপৰত এতিয়াও আশা আছে.......আমাক উন্নতি লাগে মহন্ত ডাঙৰীয়া......নহ’লে প্ৰতিজন ছাত্ৰ-ছাত্ৰী আন্দোলনত নামি পৰিম.......আশা কৰোঁ বঢ়মপুৰ সমষ্টিৰ প্ৰতিজনে শ্বেয়াৰ কৰিব যাতে.....আমাৰ বিধায়ক মহন্ত ডাঙৰীয়াৰ দৃষ্টি গোচৰ হয়.....

আপুনি নিশ্চয় কথা খিনি পঢ়িলে৷ এই কথা খিনিৰ সৈতে newsnextone.comৰ সৈতে কোনো সম্পৰ্ক নাই৷ কথাখিনি এজন যুৱকে দিয়া ফেচবুক পোষ্ট হে৷ যুৱক জন দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ যুৱক৷ তেওৰ নাম হৈছে #AnantaKayastha। তেও নিতৌ ভোগ কৰি অহা সমস্যাৰ সন্দৰ্ভত ফেচবুক পোষ্টটোৰে জৰিয়তে ক্ষোভ উজাৰে৷ newsnextone.com-এ বঢ়মপুৰ সমষ্টিৰ উন্নয়ন প্ৰকৃত স্বৰূপটো উদঙাই ইতিমধ্যে কেইবাটাও প্ৰতিবেদন প্ৰকাশ কৰিছে৷

এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিৰ বহু পৰিয়ালে আজিও নাই বিদ্যুৎৰ পোহৰ দেখা নাই৷ প্ৰায় ৯টা বছৰ ৰাজ্য খনৰ মুখ্যমন্ত্ৰী হৈ থকা লোকগৰাকীৰ সমষ্টিৰ বহু লোকৰ বাবে বিদ্যুতৰ পোহৰ দেখাটো এক সপোন হে মাথো৷ ছাত্ৰৰ আন্দোলন, অসম আন্দোলনৰ হোতা তথা দেশৰ ভিতৰতে কনিষ্ঠ মুখ্যমন্ত্ৰী ৰূপে একালত শপত লোৱা মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ সমষ্টিৰ ৰাইজৰ সমস্যাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ এলেকাৰ কন্দলীৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ ঐতিহ্যমণ্ডিত বাদুলি খুৰুংৰ বাবে বিখ্যাত কন্দলীত ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তিনি-চাৰি কিঃ মিঃ পৰ্যন্ত দূৰলৈ যাব লগা হয়৷ মেলেৰিয়া অধ্যুষিত কন্দলি অঞ্চলত জনজাতি লোক বসবাস কৰে৷

বঢ়মপুৰৰ শিৱস্থান চাহ বাগিচা অঞ্চল৷ শিৱস্থান চাহ বাগিচাত উপস্থিত হৈ newsnextone.comৰ সাংবাদিকে প্ৰত্যক্ষ কৰিছিল এখন ভয়াবহ ছবি৷ মানুহ যেন আজিও আদিম যুগতো বসবাস কৰি আছে৷

বাট-পথ বুলিবলৈ একো নাই৷ বিশুদ্ধ খোনাপানী, চিকিৎসা সেৱা, শিক্ষাৰ কোনো ব্যৱস্থা নাই মহন্তৰ সমষ্টিত৷ ভয়াবহ আৰু দুখ লগা পৰিস্থিতিত আজিও জীয়াই আছে৷ নিশা হাতীৰ তাণ্ডৱ৷ বছৰৰ ৬ মাহ নিদ্ৰাহৰণ হয় তেওলোকৰ৷ তাৰ পিছতো নিৰৱে সকলো সহি গৈছে তেওলোকে৷ তেওলোকক পাহৰি গৈছে চৰকাৰে, বিধায়ক তথা প্ৰশাসনে৷ চাহ বাগিচাৰ অঞ্চলটোত শ-শ পৰিয়ালে বছৰ বছৰ ধৰি বসবাস কৰি আহিছে যদিও বিদ্যুৎৰ খুঁটা এটাও দেখা পোৱা নগল৷

দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকসকলৰ বাট-পথৰ লগতে ঘৰ-বৰৰ অৱস্থাও ভাল নহয়৷ অঞ্চলটোক ঐতিহাসিক সমল ৰূপে সংৰক্ষণ কৰা যেন হে অনুভৱ কৰিব পাৰি৷ কিয়নো তথ্য আৰু প্ৰযুক্তি বিদ্যৰ যুগতো সাধাৰণ মোবাইলটো চাৰ্জ দিবলৈ ২-৩ কিঃ মিঃ দূৰলৈ যাব লগা হয় মানুহে৷ বছৰ বছৰ ধৰি বিভিন্ন প্ৰকাৰে সমষ্টিৰ বিধায়কগৰাকীক বিদ্যুৎৰ সংযোগ দিয়াৰ লগতে বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে দাবী জনাই আহিছে যদিও মহন্তই গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷

মুঠৰ ওপত সকলো দিশৰ পৰা বঞ্চিত শিৱস্থান চাহ বাগিচা অঞ্চল। বছৰ-বছৰ ধৰি চাকিৰ পোহৰতে নিশা কটাবলৈ বাধ্য হয় অঞ্চলটোৰ লোক৷ বিদ্যুত সংযোগ নথকাৰ লগতে নিতৌ বনৰীয়া হাতী তাণ্ডৱ চলাই অঞ্চলটোত৷ হাতীৰ জাকে অঞ্চলটোৰ ঘৰ-বৰ, খেতিৰৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। প্ৰায় তিনি শ পৰিয়ালে বসবাস কৰা অঞ্চলটোৰ লোকসকলে বিদ্যুৎ বিভাগক তথা স্থানীয় বিধায়কক বহু আবেদন নিবেদন কৰাৰ পিছতো বিভাগটোৱে আজিলৈকে অঞ্চলটোত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নকৰিলে৷

ৰাইজে শীঘ্ৰে অঞ্চলটোত বিদ্যুৎ যোগানৰ ব্যৱস্থা নকৰিলে পঞ্চায়ত নিৰ্বাচনত কোনো দলৰ লোকক অঞ্চলটোত প্ৰবেশ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে। তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত মানুহে বিদ্যুৎ সংযোগ নোপোৱাটো ডাঙৰ অন্যায় ৰূপে গণ্য কৰিব পাৰি৷ লৰা-ছোৱালীয়ে শিক্ষাৰ দিশত কেনেকৈ আগবাঢ়িব সেয়াও চিন্তাৰ বিষয়৷

আনহাতে সমষ্টিটোৰ কেইবাটাও পথৰ অৱস্থা জাৰজীৰ্ণ হৈ থকাৰ ফলত শ-শ লোকে যমৰ যাতনা ভোগ কৰিব লগা হৈছে৷ বছৰ বছৰ ধৰি পুখুৰী সদৃশ গাঁতেৰে ভৰি থকা ৰাজপথৰে আহ-যাহ কৰিব লগীয়া হৈছে বঢ়মপুৰৰ ৰাইজে৷ উল্লেখ্য যে কঠিয়াতলী, বামুনী সংযোগী জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বাবেই অঞ্চলটোত এম্বুলেন্স প্ৰৱেশ কৰিব নোৱাৰে। কেৱল সিমানেই নহয়, পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী-ব্যৱসায়ী, চাকৰিয়াল আদিয়ে বিপদত পৰে৷ কিয়নো গাড়ীতো বাদেই বাইক, চাইকলে চলোৱাৰো অনুপযোগী পথটো৷

বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে কংগ্ৰেছ চৰকাৰ, বৰ্তমানৰ চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই গুৰুত্ব প্ৰদান নকৰিলে পথটো নিৰ্মাণত৷ অঞ্চলবাসীয়ে পুখুৰী সদৃশ ৰাজপথত ইতিমধ্যে পূজা কৰি, কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। নতুন চৰকাৰখনে দুবছৰ সম্পূর্ণ কৰাৰ পিছতো পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে৷

বছৰ-বছৰ ধৰি জৰাজীৰ্ণ বাট-পথৰ বাবে আহ-যাহত সমস্যাত পৰিছে বঢ়মপুৰ সমষ্টিৰ ৰাইজে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ ৰাইজ জৰাজীৰ্ণ তথা কদৰ্যময় পথৰ বাবে অতিষ্ঠ হৈ পৰিছে৷ চামগুৰি আৰক্ষী থানাৰ অধীনৰ তথা বৰঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত নগাঁৱৰ বামুনী এটা বিশেষ জনবহুল আৰু ব্যৱসায়িক অঞ্চল।

কিন্তু ৰাস্তা-ঘাটৰ দুৰৱস্থাৰ বাবে অঞ্চলটো ক্ৰমশঃ পিছ পৰি আছে৷ বামুনীৰ পৰা নগাঁও, কঠীয়াটলি আৰু চাপানালা চামগুৰি সংযোগী কেইবাটাও পথৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে ৰাইজক। চৰকাৰ সলনি হল পিছে সলনি নহল বঢ়মপুৰৰ পৰিৱেশ। বছৰ বছৰ ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দখল কৰি আহিছে বঢ়মপুৰ সমষ্টি৷