internet
internet

শিৱসাগৰঃ শিৱসাগৰ জিলা ডবা সন্থাৰ উদ্যোগত আৰু অসম চেচ ক্লাৱ গুৱাহাটীৰ সহযোগত বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ১৭৫ গৰাকী খেলুৱৈৰ অংশগ্ৰহণেৰে সম্পন্ন হোৱা দীপক ঘাটোৱাৰ সোঁৱৰণী আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং ডবা প্ৰতিযোগিতাখনি ২ অক্টোবৰত সামৰণি পৰে।

এই প্ৰতিযোগিতা খনি একোটাকৈ চাল দি যোৰহাট লোক সভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু শিৱসাগৰ জিলা ডবা সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰৱীন সন্দিকৈয়ে শুভাৰম্ভনি কৰে। জিলা ডবা সন্থাৰ সম্পাদক ৰাজু গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত আয়োজক সমিতিৰ উপদেষ্টা তথা ক্ৰীড়া সংগঠক সোমেশ ডেকাই প্ৰয়াত দীপক ঘাটোৱাৰৰ খেলৰ প্ৰতি থকা হেপাঁহ আৰু অৱদানৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷

তেওঁ কয় যে- ঘাটোৱাৰে ডিমৌ মাছৈ নামৰ অতি পিছপৰা গাঁওখনৰ পৰাই নিজৰ ত্যাগ আৰু একাগ্ৰতাৰ ফলত ২০০৫ চনত ভাৰতীয় দলক ফ্ৰান্স বিশ্ব ডবা প্ৰতিযোগিতাত মেনেজাৰ ৰূপে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল। তেওঁ অসমৰ প্ৰথম ৰাষ্ট্ৰীয় আৰবিটৰ হোৱাৰ উপৰিও এজন প্ৰকৃত অসমীয়া আছিল। লগতে তেওঁ এজন কেন্দ্ৰীয় মন্ত্ৰী হব পৰা সুযোগ পোৱাৰ পাছতো সেয়া প্ৰত্যাখান কৰি খেলৰ মাজেদি নিজক প্ৰতিষ্ঠা কৰাৰ লগতে নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰাত নিয়োজিত কৰি ৰাখিছিল। এনে এজন খেলুৱৈৰ নামত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খেল অনুষ্ঠিত কৰাতো এক শুভলক্ষণ।

অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষা দিপালী নেওগে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় এনে প্ৰতিযোগিতা মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে উৎসাহিত হোৱাৰ লগতে উদ্যোক্তা সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰতিযোগিতাখনিত বহুকেইখন বিদেশী ৰাষ্ট্ৰৰ খেলুৱৈয়ে ভাগ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল যদিও শেষত খেলুৱৈ সকল প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিলে। প্ৰতিযোগিতাখনিৰ অন্তত ২ অক্টোবৰত এক আৰম্বড়পুৰ্ণ অনুষ্ঠানেৰে বঁটা বিতৰণী সভাৰ জৰিয়তে প্ৰতিযোগিতাখনি সামৰণি পৰে৷

বঁটা বিতৰণী সভাত দীপক ঘাটোৱাৰৰ মাতৃ চান্তাৰাণী ঘটোৱাৰ, পৰিচালনা সমিতিৰ সভাপতি নবীন গগৈ, শিৱসাগৰ জিলা ডবা সন্থাৰ উপ সভপতি কুশল মেছ, সাংবাদিক সুৰক্ষা মঞ্চ অসম শিৱসাগৰ জিলা সমিতিৰ সভাপতি অপূৰ্ব্ব ভূঞাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিতি থাকে৷

প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত ২০ জনক নগদ ধন, ট্ৰফী, মেডেল আৰু মানপত্ৰৰে পুৰস্কাৰ প্ৰদান কৰা হয়৷