গুৱাহাটীঃ এন আৰ চিৰ খচৰা প্ৰকাশক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে কেন্দ্ৰ-ৰাজ্য চৰকাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰি অতিৰিক্ত অৰ্ধসামৰিক বাহিনী অসমলৈ প্ৰেৰণ কৰাৰ সময়তে এগৰাকী কট্টৰপন্থী নেতাৰ ভাষণে তোলপাৰ লগাইছে ৰাজ্যত৷ আৰ্শ্বাদ মাদানী, শিলাদিত্য দেৱৰ পিচতে এক অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যই শিলচৰ চহৰত এখন সভাত "হিন্দুসকলে মুছলমানৰ বিৰুদ্ধে হাতত বন্দুক তুলি ল'ব লাগে" বুলি এক সাম্প্ৰদায়িক মন্তৱ্য দিয়ে।

যিটো সময়ত এনআৰচিৰ খচৰা প্ৰকাশ হোৱাৰ সময় প্ৰায় নিশ্চিত হৈছে। এই খচৰা তালিকা প্ৰকাশ হোৱাৰ পিচৰ পৰিস্থিতি চম্ভালিবৰ বাবে অসমৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত মোটায়েন কৰিবলৈ ৰাজ্যচৰকাৰে ৫০টাকৈ অৰ্ধ সামৰিক বাহিনীৰ বেটেলিয়ানক মাতি আনিছে।

এই মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে সোমবাৰে নিশা সদৌ অসমৰ গৰিয়া যুৱ-ছাত্ৰ পৰিষদে দেৱতানুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ সংগঠনটোৱে মহানগৰীৰ জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰি শীঘ্ৰে নেতাজনক আটক কৰাৰ দাবী জনায়৷ এনে মন্তব্যই সাম্প্ৰদায়ীক সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে বুলি কয় সংগঠনটোৱে৷ যি সময়ত অসমৰ সকলো ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে অসমৰ সমুহ ৰাইজলৈ শান্তি সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান জনাইছে, ঠিক এনেকুৱা সময়ত হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যৰ এই বিস্ফোৰক মন্তৱ্যই ৰাজ্যখনৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে বুলিও কয়৷