গুৱাহাটীঃ দিল্লীত NRC সন্দৰ্ভত অনুষ্ঠিত এখন সভাত জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি আৰ্শ্বাদ মাদানিয়ে অসম জ্বলিব, জ্বলাব আৰু মাৰিব, মৰিব বুলি কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই আৰু উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীৰ এগৰাকী সমাজকৰ্মীয়ে এজাহাৰ দাখিল কৰে৷ মহানগৰীৰ বৰসজাইৰ সমাজকৰ্মী বিশ্বজিৎ নাথে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

ৰাজ্যত সাম্প্ৰদায়িক সংঘাট সৃষ্টি কৰিব বিছৰাৰ অভিযোগ উত্থাপন কৰে নাথে৷ ৰাজ্যত শান্তি সম্প্ৰীতি বিঘ্নিত কৰাৰ প্ৰয়াস কৰৰা লগতে NRCৰ খচৰা প্ৰকাশত বাধা দিবৰ বাবে এনে ধৰণৰ মন্তব্য কৰা বুলি সমাজকৰ্মী বিশ্বজিৎ নাথে৷ সোমবাৰে দিল্লীত অনুষ্ঠিত এখ বিশেষ সভাত অংশ গ্ৰহণ কৰি উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্শ্বাদ মাদানীয়ে  NRCত প্ৰায় ৩০ লাখ মানুহৰ নাম বাদ পৰিলে মাৰিব, মৰিব, জ্বলাব, জ্বলিব বুলি মন্তব্য প্ৰকাশ কৰিছিল৷

উক্ত সভাত ৰাজ্যৰ কেইবাগৰাকী বুদ্ধিজীৱী, সাংবাদিক উপস্থিত থকাৰ লগতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই উপস্থিত আছিল৷ প্ৰায় ত্ৰিশ লাখ লোক NRCৰ পৰা বাদ পৰিলে পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰে মাদানীয়ে৷ অসমৰ মাটি-পানীৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ সমস্যাৰ হৈ কোনো দিনে মাত এষাৰ নিদিয়া মাদানীৰ এই মন্তব্যৰ পিছতে ৰাজ্যৰ দল-সংগঠন জাঙুৰ খাই উঠে৷ পৰিস্থিতি ম্যানমাৰৰ দৰে হোৱাৰ আশংকা ব্যক্ত কৰিবলৈ মাদানী কোন বুলিও একাংশ লোকে প্ৰশ্ন কৰে৷

ৰাজ্য দল-সংগঠনে ক্ষোভিত হৈ পৰিছে এই মন্তব্যৰ বিৰুদ্ধে৷ ৩১ ডিচেম্বৰত NRCৰ খচৰা প্ৰকাশৰ আগমুহূৰ্তত একাংশ লোকে পৰিবেশ বিনষ্ট কৰিব বিছৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে এনে মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্য খনত৷ সাম্প্ৰদায়িত মন্তব্যৰ জৰিয়তে শংকৰ-আজানৰ দেশত সংঘাট সৃষ্টি কৰিব খোজা বুলিও অভিযোগ উত্থাপন হৈছে৷

দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত এখন বিশেষ সভাত অসমৰ কেইবাগৰাকী বুদ্ধীজীৱী-সাংবাদিকৰ উপস্থিতিত জমিয়ত উলেমা-ই-হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰ্ছাদ মাদানিয়ে উপস্থিত থাকি সাম্প্ৰদায়িক মন্তব্য কৰা কাৰ্যক সহজে লব পৰা নাই ৰাজ্য খনৰ দল-সংগঠন তথা ৰাইজে৷

সভা খনত সততে চৰকাৰৰ বিৰুদ্ধে থিয় দি সমালোচনা কৰা সাংবাদিক মনজিৎ মহন্ত, বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, শিক্ষাবিদ ড০ অপূৰ্ব বৰুৱা, সাংবাদিক হাইদৰ হুছেইন, কোকৰাঝাৰৰ সাসংদ নৱ শৰনীয়া, হাফিজ ৰছিদ আহমেদ চৌধুৰী, আব্দুল মান্নানকে ধৰি অসমৰ কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত আছিল৷ দুদিন পূৰ্বে কৃষক নেতা অখিল গগৈক সাক্ষাৎ কৰিব আহি সাক্ষাতৰ অনুমতি নাপায় তীব্ৰ ক্ষোভিত হৈ পৰা কৃষক নেতা সাংসদ ড০ সুনীলম, নিউ ছ’চিয়েলিষ্ট ইনিচিয়েটিভৰ নেতা ড০ নবীন চন্দৰ, চিপিআই(এএম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, সমাজকৰ্মী যোগেন্দ্ৰ যাদব, অধ্যাপক অপূৰ্বানন্দ সহিতে দেশৰ কেইবাগাৰকী আগশাৰীৰ সমাজকৰ্মী উপস্থিত আছিল৷

দিল্লী একচন সমিতি ফৰ অসমৰ উদোগত অনুষ্ঠিত সভাত NRCৰ উন্নীতকৰণক লৈ আলোচনা কৰিছিল বুলি জানিব পৰা গৈছে৷ NRCৰ জটিলতা দূৰ কৰাৰ বাবে অনুষ্ঠিত সভাত NRCৰ উন্নীতকৰণক লৈ বেমেজালিৰ সৃষ্টি কৰিব বিছৰাৰ অভিযোগ উত্থাপন হয়৷