গুৱাহাটীঃ ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ নিউজ চেনেল প্ৰতিদিনে টাইমৰ পৰিয়ালে কেইবাটাও ফেচবুক একাউন্টৰ বিৰুদ্ধে গোচৰ তৰা বুলি জানিব পৰা গৈছে৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত গোচৰ তৰা বুলি জানিব পৰা গৈছে৷

চেনেল কৰ্তৃপক্ষই তেওলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি কয় একাংশ ফেচবুক একাউন্টে৷ জানিব পৰা মতে, একাংশ ফেচবুক একাউন্টে প্ৰতিদিন টাইমৰ ল’গ ব্যৱহাৰ কৰি ছচিয়েল মিডিয়াত অপপ্ৰচাৰ আৰু ভুৱা খবৰ প্ৰচাৰ কৰিছে৷

এয়াৰচেল কোম্পানীৰ এটা বাতৰি প্ৰচাৰ কৰা বুলি অভিযোগ দাখিল কৰে চেনেলটোৱে৷ কোনো লোকে প্ৰতিদিন টাইমে এয়াৰচেল বন্ধ নহয় বুলি বাতৰি প্ৰচাৰ কৰা বুলি চেনেলটোৰ ল’গ ব্যৱহাৰ কৰি ফেচবুকত প্ৰচাৰ কৰে৷ এই কাৰ্য প্ৰত্যক্ষ কৰে চেনেল কৰ্তৃপক্ষই৷ কিয়নো চেনেলটোৰ মতে তেওঁলোকে তেনে কোনো বাতৰি সম্প্ৰচাৰ কৰা নাই৷

সেই ফেচবুক একাউন্টৰ বিৰুদ্ধে গোচৰ তৰাৰ সিন্ধান্ত লয় চেনেল কৰ্তৃপক্ষই৷ ইয়াৰ পূৰ্বেও পৰীক্ষাৰ বাতৰি এটাক লে অপপ্ৰচাৰ কৰা হৈছিল বুলি কয় চেনেল কৰ্তৃপক্ষই৷