গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসম তথা দিল্লীত তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতে সোমবাৰে সন্ধিয়া গুৱাহাটীৰ ৰাজপথত কংগ্ৰেছেও জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল হৈ পৰা দিছপুৰৰ ৰাজপথত দেখা গ’ল হাতত জোঁৰ লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো৷ 

দিছপুৰপৰা গণেশগুৰিলৈ কংগ্ৰেছে কৰা এই প্ৰতিবাদৰ মাজতে গগৈয়ে বি জে পিৰ সৈতে মিত্ৰতা ভংগ কৰা অ গ পক অভিনন্দন জনায়৷

লগতে, বি পি এফকো বি জে পিৰে মিত্ৰতা ভংগ কৰিবলৈ আহ্বান জনালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷