• কথমপি ৰক্ষা পৰিল এক বিধ্বংসী অগ্নিকাণ্ডৰ পৰা মৰিয়নী নগৰৰ বৃহৎ এটা অংশ 

মৰিয়নীঃ বৃহস্পতিবাৰে দুপৰীয়া ১১ বাজি ১৫ মিনিটত মৰিয়নী নগৰত ভয়াবহ অগ্নিকাণ্ড৷নগৰৰ মাজ মজিয়াৰ বিনায়ক হোটেলত এই অগ্নিকাণ্ড সংঘটিত হয় ৷  হোটেলখনৰ ৰান্ধনিশালৰ পৰা এই জুইৰ সূত্ৰপাত হয় বুলি হোটেলত কতৃপক্ষ আৰু প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়ে৷ 

স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কোনোমতে ৰক্ষা পৰিল এটা বৃহৎ ব্যৱসায়িক অঞ্চল । অগ্নিকাণ্ডৰ ফলত প্ৰায় ২ লাখ টকাৰ অধিক মুল্যৰ সামগ্ৰী নষ্ট হয় বুলি জানিব পৰা গৈছে ৷