কলকাতাঃ পৰিৱেশ প্ৰদূষিত কৰা আতজবাজীৰ উৎপাদন আৰু বিক্ৰীত উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা দিয়াৰ পাছত এইবাৰ দীপাৱলীত ফটকাৰ বিক্ৰী ৪০ শতাংশ কমি গৈছে।

এই অবনমিত ব্যৱসায়ৰ বাবে উৎপাদনকাৰীসকলে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে কম প্ৰদূষিত ফটকা উৎপাদনৰ ক্ষেত্ৰত চৰকাৰক নীতি নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনাইছে।

কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ ৰাষ্ট্ৰীয় সচিবপ্ৰধান প্ৰবীণ খান্দেৱালে কয় যে ভাৰতত প্ৰতি বছৰে ২০,০০০ কোটি টকাৰ আতজবাজীৰ ব্যৱসায় হয় যদিও এই বছৰ এই পৰিমাণ ৪০ শতাংশ হ্ৰাস হৈছে।

দীপাৱলীৰ সময়তে আতচবাজী উদ্যোগে ৮০ শতাংশ ব্যৱসায় কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছত এইবাৰ ব্যৱসায় মন্দা হৈছে।

তেওঁ লগতে কয় যে এই ব্যৱসায়ৰ সৈতে লাখ লাখ লোক জড়িত হৈ আছে আৰু তেওঁলোকৰ জীৱনলৈ অনিশ্চয়তা নামি অহাৰ সম্ভাৱনা আছে। সেয়ে ইয়াৰ বাবে চৰকাৰে এক নীতি নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে।