ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা গাড়ীৰেই উৰিব পাৰিম আমি! ট্ৰেফিক জামৰ পৰা হাত সাৰিবলৈ হওঁক বা কম সময়ৰ ভিতৰতে গন্তব্য স্থান পাবলৈ হওঁক সকলো ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পৰা যাব এই উৰি ফুৰা গাড়ীখন৷ 

কেইদিনমান পিছতে হয়তো এই গাড়ীৰ বাবে প্ৰয়োজন কমি আহিব বিমানৰ৷ হলীউডৰ কাল্পনিক চলচিত্ৰত দেখা এনে গাড়ীয়েই নিৰ্মাণ কৰিছে নেডাৰলেণ্ডছৰ এক প্ৰতিষ্ঠানে ৷

PAL-V নামৰ এই ডাচ্ছ প্ৰতিষ্ঠানটোৰ সূত্ৰই জনোৱা মতে, সকলো ঠিকে থাকিলে আগন্তুক বৰ্ষৰ প্ৰথম ভাগতে বজাৰত মুকলি হ’ব এই বিশেষ বাহনখন৷ বিমানৰ দৰেই উৰণীয়া এই বাহনখন ৩টা চকা যুক্ত৷  তদুপৰি গাড়ীখনৰ ওপৰত হেলিকপ্তাৰৰ দৰেই ব্লেডো দিয়া হৈছে৷ বতাহত ১৭৭ কিলোমিটাৰ গতিবেগত উৰিব পৰা এই গাড়ীখনৰ ইঞ্জিন দুটা ১০০ অশ্বশক্তিৰ৷

আনহাতে পথত এই গাড়ীখনৰ গতিবেগ ঘণ্টাত ১৬১ কিলোমিটাৰ৷  পাইলট সহিতে দুজন ব্যক্তিয়ে ভ্ৰমণ কৰিব পাৰিব এই বাহনখনত৷ বায়ু পথ আৰু স্থল পথত যাতায়ত কৰিবলৈ প্ৰয়োজনীয় সকলো প্ৰযুক্তি সন্নিবিষ্ট কৰা হৈছে গাড়ীখনত৷

উৰিব পৰা এই বিশেষ বাহনখনৰ মূল্য হৈছে ২৫.৭৭ কোটি টকা৷ যদিহে সকলো পৰীক্ষা-নীৰিক্ষা সফলভাৱে সম্পন্ন হৈ যায় তেন্তে চলচিত্ৰত দেখাৰ দৰেই মানুহৰ গাড়ীৰে উৰি ফুৰা সপোন দিঠক হ’বলৈ অপেক্ষা মাথো আৰু কেইটামান মাহৰ।