গুৱাহাটীঃ মুহূৰ্ততে গুৱাহাটীত ৪১ জন মানুহৰ মৃত্যু হোৱাৰ লগতে কোকৰাঝাৰ, বৰপেটা সৈতে মিলি মুঠ ৬১ গৰাকী লোকৰ মৃত্যু হৈছিল সেই দিনটোত৷ সিটো দিন আছিল ২০০৮ চনৰ ৩০ অক্টোবৰ৷ গুৱাহাটী মহানগৰীত হৈছিল শক্তিশালী বোমা বিস্ফোৰণ৷ গণেশগুৰি, পানবজাৰ আদালত চৌহদ, বৰপেটা, বঙাইগাঁও আৰু কোকোৰাঝাৰত সন্ত্ৰাসবাদীয়ে নটাকৈ ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত কৰিছিল৷

সন্ত্ৰাসবাদীৰ বোমাত মুহূৰ্ততে প্ৰাণ গৈছিল সেইসকল লোকৰ৷ বিস্ফোৰণ সংঘটিত কৰিছিল এনডিএফবিৰ মুখ্য সেনাধক্ষ্য ৰঞ্জন দৈমাৰীৰ নিৰ্দেশত এদল পুৰুষ-মহিলাই৷ ভয়াৱহ বিস্ফোৰণৰ স্মৃতি অসমীয়াই আজিও পাহৰিব পৰা নাই৷ এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ জনাই দল-সংগঠন তথা নিহত-আহত লোকৰ পৰিয়ালে দাবী জনাই অহাৰ সময়তে গোচৰৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰাৰ সিন্ধান্ত লয় চৰকাৰে৷

ইতিমধ্যে দেশ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন অনুসন্ধানকাৰী সংস্থাই বিস্ফোৰণ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে যদিও বিচাৰ প্ৰক্ৰিয়া বিলম্ব কৰাৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে৷ এই ঘটনাৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলিব৷ ফাষ্টট্ৰেক আদালতত বিচাৰৰ পক্ৰিয়া সোমবাৰৰ পৰা আৰম্ভ হয়৷  সোমবাৰে ন্যায়লয়ৰ নিৰ্দেশত কাৰাগাৰত থকা ১৪গৰাকী অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয়৷ ১৪গৰাকীকে আদালতত সাক্ষ্য গ্ৰহণ কৰাৰ বাবে হাজিৰ কৰোৱা হয়৷

আনহাতে ১৪ গৰাকীক আদালতত হাজিৰ কৰোৱা হয় যদিও বিস্ফোৰণৰ মুল অভিযুক্ত ৰঞ্জন দৈমাৰি আদালতত হাজিৰ নাথাকে৷ কিয়নো ইতিমধ্যে এই গোচৰ ফাষ্টট্ৰেক আদালতত চলাব নালাগে বুলি অধিবক্তা মানস শৰনীয়াৰ জৰিয়তে আবেজন জনায় আলোচনা আৰু গোচৰ একেলগে নচলে বুলি মন্তব্য প্ৰকাশ কৰিছিল৷

অসমৰ ইতিহাস কলংকিত কৰা বিস্ফোৰণৰ গোচৰৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলোৱাৰ বাবে একাংশ লোকে আশাৰ ৰেঙনি দেখা পায়৷ ৩০ অক্টোবৰক অসমীয়াই স্মৃতিৰ পৰা মচি পেলাব নোৱাৰে৷ ৩০ অক্টোবৰ আহিলেই বুকু কঁপি উঠে অসমীয়াৰ৷ বুকু কপি উঠে মহানগৰবাসীৰ৷ ভয়াবহ দিনটোৰ স্মৃতিয়ে শংকিত কৰি তোলে অসমীয়াক৷ সন্ত্ৰাসবাদৰ ভয় লগা ছবি খন মচিব নোৱাৰে অসমীয়াই৷ আপোন মানুহক হেৰুৱাৰ বেদনাত অসমীয়া আজিও ম্ৰিয়মান৷