ডিজিটেল ডেস্কঃ অনলাইন ৰিটেইলিং কোম্পানী স্নেপডিল ডট কমক ক্ৰয় কৰাৰ বাবে ক্ৰয়মূল্য বঢ়াইছে ফ্লিপকাৰ্টে। ফ্লিপকাৰ্টৰ অন্যতম প্ৰতিদ্বন্দী হিচাপে পৰিচিত স্নেপডিল ক্ৰয় কৰাৰ বাবে এইবাৰৰ মূল্য চকু কপালত উঠা। ৮৫০ মিলিয়ন, অৰ্থাত ৫৪৬৭ কোটি ৬২ লাখ পঞ্চাশ হাজাৰ টকাৰ অফাৰ দিছে ফ্লিপকাৰ্টে। 

এই অফাৰত স্নেপডিলৰ লগতে ভালকান এক্সপ্ৰেছ আৰু ইউনিকমাৰ্চ প্ৰতিষ্ঠানদুটাও সামৰি লৈছে ফ্লিপকাৰ্টে। অৱশ্যে স্নেপডিলৰ নিজাববীয়া ডিজিটেল পেমেণ্ট প্লেটফৰ্ম ফ্ৰীচাৰ্জ ক্ৰয় কৰাৰ ইচ্ছা কৰা নাই অনলাইন ৰিটেইলিং প্ৰতিষ্ঠানটোৱে। 

অৱশ্যে এই চুক্তি সম্পন্ন হ’বলৈ সময় লাগিব, কিয়নো স্নেপডিলৰ ক্ষুদ্ৰ বিনিয়োগকাৰীসকলে এই অফাৰৰ তীব্ৰ বিৰোধীতা কৰি আহিছে। সেয়ে কেবামাহো লাগিব পাৰে এই চুক্তি ৰূপায়িত হ’বলৈ।