ডিজিটেল ডেস্কঃ বেংগালুৰুৰ পৰা আৰম্ভ হৈ সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয় হৈ পৰা ইকমাৰ্চ চাইট ফ্লিপকাৰ্ট আমেৰিকাৰ বৃহৎ ইকমাৰ্চ কোম্পানী ৱালমাৰ্ট ইংকে ক্ৰয় কৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে।

১ লাখ কোটিৰো অধিক দৰ উঠিব লগা ফ্লিপকাৰ্টৰ ৬০ ৰপৰা ৮০ শতাংশ শ্বেয়াৰ ক্ৰয় কৰি বৃহত্তৰ খুচুৰ বিক্ৰেতা কোম্পানীটোৱে প্ৰতিদ্বণ্ডী এমেজন আৰু আলিবাবাৰ সৈতে ভাৰতীয় বজাৰত ফেৰ মাৰিবলৈ চেষ্টা চলাব।

ফ্লিপকাৰ্টৰ ক্ৰয় প্ৰায় চুড়ান্ত পৰ্যায়লৈ আহিব পৰা বুলি জানিব পৰা গৈছে আৰু ইয়ে হ’ব ভাৰতীয় ইকমাৰ্চ চাইটত এতিয়ালৈকে হোৱা সৰ্বাধিক বিনিয়োগ। উল্লেখ্য যে ফ্লিপকাৰ্ট প্ৰতিষ্ঠা কৰা শচীন বাঞ্চাল আৰু বিন্নী বাঞ্চাল প্ৰথমে এমেজনৰে কৰ্মচাৰী আছিল।

দ্ৰুত গতিত বৃদ্ধি পোৱা ভাৰতৰ অনলাইন ক্ৰয়ৰ ক্ষেত্ৰখনত ৱালমাৰ্ট, এমেজন আৰু আলিবাবাৰ প্ৰতিযোগীতামূলক দখলৰ চেষ্টাত গ্ৰাহক লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।