• বিধায়ক অশোক শৰ্মাৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ 

নলবাৰীঃ  নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহৰ  অন্তৰ্গত ঘগ্ৰাপাৰ  পাগলদিয়া নৈৰ বাঢ়নী পানীৰ লগতে ভুটানে এৰি দিয়া পানীয়ে ৰাজহ চক্ৰ টোৰ বিভিন্ন অঞ্চল আজি বুৰাই পেলায়।

উল্লেখযোগ্য যে ভেলামাৰী,পূৱবৰশিৰাল,চটাইবাৰী,মাজৰশিৰাল,ধমধমা,ৰঙাফালি,শান্তিপুৰ,মহিনা,বালিতাৰা (১),বালিতাৰা(২),বিস্তৃপূৰ, কেহেৰুৱা,
ডেকাতোলা, আদিকে ধৰি প্ৰায় পোন্ধৰখন গাঁৱৰ কৃষকসমাজৰ খেতিপথাৰ,পুখুৰী,শিক্ষানুষ্ঠান,নামঘৰ,ক্লাবঘৰ,মানুহ থকা গৃহ আদিৰ বিস্তৃৰ ক্ষতিসাধন হোৱাৰ লগতে কেবাটাও গুৰুত্বপুৰ্ণ পথ বানত বূৰ যোৱাৰ ফলত সম্প্ৰতি যাতায়ত-যোগাযোগ ব‍্যাহত হৈ পৰিছে।

ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেলামাৰী( চটাইবাৰীত) পাগলদিয়া নৈৰ মথাউৰি দীৰ্ঘদিন ধৰি উম্নক্ত হৈ থকাৰ ফলত প্ৰতিবছৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বিস্তাৰ ক্ষতিগ্ৰস্ত কৰি অহাৰ সময়তে আজি পূনৰ ভূটানে পানী এৰি দিয়া ফলত সংল্লিষ্ট অঞ্চলসমুহ প্লাৱিত  হোৱাৰ উপৰিও খৈৰকুছি প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণ বানত ডুবি থকাৰ পিছত শিক্ষানুষ্ঠানখনৰ  পাঠদান বন্ধ হৈ পৰে।

ইতিমধ্যে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া জোনটি ডেকা,বড়িগোগ বনভাগ মন্ডল বিজেপি সাধাৰণ সম্পাদক ডিমেশ্বৰ বেজবৰুৱাসহ এটি সজাটি দলে উক্ত বিস্তিৰ্ণ অঞ্চল সমুহ আজি সন্ধিয়া পৰলৈ পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।লগতে বিধায়ক অশোক শৰ্মাই বানত  -প্লাৱিত হোৱা পৰিয়াল ,শিক্ষানুষ্ঠান ,পুখুৰী আদিৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে ঊৰ্ধতৃন কতৃপক্ষ তথা স্থানীয় ৰাজহ চক্ৰক নিৰ্দেশ দিয়ে।  প্ৰেৰক-দিগন্ত বৰ্মণ, বৰনৰ্দ্দী।