• বানপীড়িত  অঞ্চল পৰিভ্ৰমণ বিধায়ক অশোক শৰ্মাৰ

নলবাৰী ১৩জুলাইঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গতবালিতাৰা,চটাইবাৰী ,ধমধমা,ভেলামাৰী,নিজবৰশিৰালকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে একেৰাহে পঞ্চম দিনলৈ বানত কক্ বকাই আছে।শেহতীয়াভাৱে পাগলদিয়া নৈৰ বিধ্বংসী বান আৰু ভুটানে এৰি দিয়া পানীয়ে জুৰুলা কৰা অঞ্চলটোৰ কৃষকসমাজৰ শ শ কৃষিভুমি বিস্তাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সম্প্ৰতি ৰাইজৰ স্বাভাৱিক জীৱন আৰু পশুধনসমুহ তীব্ৰ খাদ্য সংকটত পৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।ইফালে উক্ত অঞ্চলটোৰ বাট-পথসমুহ ভাঙি-ছিঙি যোৱাৰ লগতে ৰাইজে চৰম দুৰ্য্যেগৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। 

ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাগলদিয়া নৈৰ বাঢ়নী পানীৰ লগতে ভুটানে এৰি দিয়া পানীয়ে ৰাজহ চক্ৰ টোৰ বালিতাৰা গাঁওপঞ্চায়তৰ ১,২,৩,আৰু৪ নং বালিতাৰা,পূৱবৰশিৰাল,চটাইবাৰী,মাজৰশিৰাল,ধমধমা,ৰঙাফালি,শান্তিপুৰ,মোহনীয়া, ভেলামাৰী,আদি গাঁৱৰ কেবাবিঘা ভূই ৰোপন কৰা কৃষিভুমি পানীৰ তলত বুৰ হৈ থকাৰ উপৰিও দুই নং বালিতাৰা পানী যোগান আচঁনি পানীৰ তলত আছে।অঞ্চলটোৰ ৰাইজৰ,পুখুৰী,শিক্ষানুষ্ঠান,নামঘৰ,ক্লাবঘৰ,মানুহ থকা গৃহ আদিৰ বিস্তৃৰ ক্ষতিসাধন হোৱাৰ লগতে কেবাটাও গুৰুত্বপুৰ্ণ পথ বানত বূৰ যোৱাৰ ফলত যাতায়ত-যোগাযোগ ব‍্যাহত হৈ পৰিছে।

উল্লেখ‍্য যে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভেলামাৰী( চটাইবাৰীত) পাগলদিয়া নৈৰ মথাউৰি দীৰ্ঘদিন ধৰি উনমুক্ত হৈ থকাৰ ফলত প্ৰতিবছৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বিস্তাৰ ক্ষতিগ্ৰস্ত কৰি অহাৰ সময়তে  ভূটানে পানী এৰি দিয়া ফলত সংল্লিষ্ট অঞ্চলসমুহ প্লাৱিত কৰি পেলাইছে।ইতিমধ্যে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই, ,বড়িগোগ বনভাগ মন্ডল বিজেপি    সভাপতি মৃদুল কলিতা,আল্লিয়া জিলাপৰিষদৰ সদস্য মাধৱী ৰাজবংশী,চটাইবাৰী গাঁওপঞ্চায়তৰ সভাপতি দীপুল তালুকদাসহ এটি সজাটি দলে উক্ত বিস্তাৰ্ণী অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।লগতে বিধায়ক অশোক শৰ্মাই বানত  -প্লাৱিত হোৱা পৰিয়াল ,শিক্ষানুষ্ঠান ,পুখুৰী আদিৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে ঊৰ্ধতৃন কতৃপক্ষ তথা স্থানীয় ৰাজহ চক্ৰক নিৰ্দেশ দিয়ে। ইপিনে চক্ৰ বিষয়া জোনটি ডেকাই বানাক্ৰান্তৰ মাজত আজি বান সাহাৰ্য্য আৰু পশুধনৰ খাদ্য বিতৰণ কৰে ।