• ৪ জনৰ মৃত্যু
  • ৪ টা ৰাজহ চক্ৰৰ  ৩৮৮ খন ৰাজহ গাঁৱৰ প্ৰায় ৬ লাখ  লোকৰ লগতে ৫৩  হাজাৰ হেক্টৰ কৃষি ভূমি  বানৰ কবলত
  • মৰিগাঁও-জাগীৰোডৰ মাজত পথ যোগাযোগ ব্যাহত

মৰিগাঁও,১৬ জুলাইঃ মৰিগাঁও জিলাৰ বানপৰিস্থিতি বৰ্তমানেও অপৰিৱৰ্তিত হৈয়ে আছে।  ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে  ভয়ংকৰ ৰূপ  ধাৰণ কৰা জিলাখনৰ বানৰ তাণ্ডৱত বৰ্তমানলৈকে ৪ জন লোকে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে । জিলাখনৰ জাগীৰোড থানাৰ অন্তৰ্গত মনহা হাতীউঠাত ৰিতু দেউৰী (২৮),ঝাৰগাঁৱৰ হৰিদাস ঘোষ (৪৫) গড়মাৰী বঙালপাৰা প্ৰণৱজ্যোতি দেউৰী (১১)ৰ পিছত আজি বানত পৰি মৃত্যু ঘটে ভূৰাগাঁও থানাৰ অন্তৰ্গত গেৰুৱাৰ বাঘউঠা গাঁৱৰ মিনাৰাম বড়ো (৬৩)। গেৰুৱা হাইস্কুলৰ অৱসৰ প্ৰাপ্ত চতুৰ্থ বৰ্গ কৰ্মচাৰী বড়োৰে বিবাহিত কন্যাই আজি পিতৃৰ ঘৰলৈ বানপানীৰ খবৰ লবলৈ যোৱা অৱস্থাত বাঢ়নী পানীৰ কোবাল সুতে উটোৱাই নিয়ে। বড়োৰ মৃত্যুৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলোৱা লগতে গেৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক বুবুমনি গোস্বামীকে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী সকলেও শোক প্ৰকাশ কৰিছে।

ইফালে ব্ৰক্ষ্মপুত্ৰ বাঢ়নী পানীয়ে জিলাখনত জটিল ৰূপ ধাৰণ কৰি বৰ্তমানেও ১.৭২ মিটাৰ উচ্ছতাত বিপদ সীমাৰ ওপৰেদি বৈ থকাত নিতৌ ন ন অঞ্চল প্লাৱিত হৈ পৰাত আজি মৰিগাঁও-জাগীৰোড পথৰ ভকত গাঁৱৰ উন্নয়ন খণ্ডৰ কায্যালয়ৰ সমীপত পথৰ ওপৰেদি পানী বৈ যোৱাত পথ যোগাযোগ ব্যাহত হৈ পৰিছে ।এই ক্ষেত্ৰত জিলা প্ৰশাসনে বন্যাৰ্তৰ মাজত বান সাহায্য যোগান ধৰাৰ লগতে একাংশ স্বেচ্ছাসেৱী অনুষ্ঠান আৰু একাংশ ব্যক্তিয়ে নিজা প্ৰচেষ্টাৰে বন্যাতৰ মাজত বান সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে।  

জিলা খনৰ এই ভয়াৱহ বানপৰিস্থিতি বলী হৈছে  জিলাখনৰ ৪ টাকৈ ৰাজহ চক্ৰ।  জিলাখনৰ ভুৰাগাঁও,মায়ং, লাহৰীঘাটৰ লগতে মৰিগাঁও ৰাজহ চক্ৰও বানৰ কবলত পৰাত বৰ্তমানে জিলা খনৰ ৩৮৮ খন  ৰাজহ গাঁও বানৰ কবলত পৰা বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। 

জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি মায়ং ৰাজহ চক্ৰৰ ১৪৭  খন গাঁৱৰ ৩৩,৭১৩  হেক্টৰ কৃষি ভূমিৰ লগতে ২,৬১,৯৫০ জন লোকৰ বিস্তৰ ক্ষতি সাধন হৈছে। মৰিগাঁও ৰাজহ চক্ৰৰ ৭৫ খন ৰাজহ গাঁৱৰ ৭,৬০০  হেক্টৰ কৃষি ভূমিৰ লগতে ৫৮,৮৫৩  জন লোক, ভূৰাগাঁও ৰাজহ চক্ৰৰ ৯০ খন গাঁৱৰ ১২,৪১২ হেক্টৰ কৃষি ভূমিৰ লগতে ১,৭৪,৬১৭  জন,লাহৰিঘাট ৰাজহ চক্ৰৰ ৭৬ খন গাঁৱৰ ১,০০৯৪৯ জন লোকৰ বিস্তৰ ক্ষতি সাধন হৈছে। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি বৰ্তমানে জিলা খনৰ মুঠ ৩৮৮  খন ৰাজহ গাঁৱৰ ৫৩,৭২৬  হেক্টৰ কৃষি ভূমিৰ লগতে ৫,৯৬,৩৬৭  জন লোকৰ বিস্তৰ ক্ষতি সাধন হৈছে।