ফ্ল'ৰিডাঃ আমেৰিকাৰ ফ্ল’ৰিডা চহৰৰ এটা যোগ কেন্দ্ৰত সংঘটিত গুলীচালনাৰ ঘটনাত ঘাতককে ধৰি তিনিজন লোক নিহত হয়৷

শুকুৰবাৰে নিশা সংঘটিত ঘটনাটোত এজন অচিনাক্ত ঘাতকে কেন্দ্ৰটোত থকা লোকসকললৈ লক্ষ্য কৰি জধে-মধে গুলীয়াবলৈ ধৰাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন পাঁচজন লোক আহত হয়৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ঘাতকে এই লোমহৰ্ষক ঘটনাটো সংঘটিত কৰি নিজেও আত্মহত্যা কৰে৷ টালাহাছী নামৰ সৰু শ্বপিং মলত থকা কেন্দ্ৰটোত কোনে আৰু কিয় গুলীচালনা কৰিলে আৰু ঘাতকে নিজেও কিয় আত্মহত্যা কৰিলে, সেই বিষয়ে আৰক্ষীয়ে কোনো কথা প্ৰকাশ কৰা নাই৷ 

ভুক্তভোগী আৰু ঘাতকৰ পৰিচয়ো এতিয়ালৈকে জানিব পৰা হোৱা নাই৷