newsnextone.com | ডিজিটেল ডেস্কঃ কলিকতাৰ মাজেৰহাট মেইন চিটি উৰণীয়া সেতুখন হঠাৎ ভাঙি পৰাত বহু লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে৷ জানিব পৰা মতে, আজি কিছু সময় পূৰ্বে ব্যস্ত অঞ্চলটোৰ ব্যস্ততাৰ মাজতে উৰণীয়া সেতুখন হুৰমুৰকৈ ভাঙি পৰে৷ ফলত সেতুখনৰ ওপৰত থকা অসংখ্য গাড়ী দলংখনৰ লগতে তললৈ সৰি পৰে৷ 

উল্লেখ্য যে, মাজেৰহাট উৰণীয়া সেতুখন ৮০ৰ দশকতে নিৰ্মাণ কৰা হৈছিল৷ পুৰণি হোৱা হেতুকে দলংখনৰ বহন ক্ষমতা লোপ পাইছিল৷ কিন্তু ইয়াৰ পিছতো চৰকাৰে সেতুখন মেৰামতি অথৱা পুনৰ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা নকৰাত আজি সেতুখন তললৈ খহি পৰে৷ 

ইফালে সেতুখন ভাঙি পৰাৰ পিছত হতাহতৰ সংখ্যা নিশ্চিত হোৱা নাই যদিও উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে৷ ভগ্ন সেতুখনৰ তলত অনেক বাহন আৰু লোক পিষ্ট হোৱাৰ আশংকা কৰা হৈছে৷