নগাঁওঃ সমগ্ৰ ৰাজ্যতে ১৯৫৪ চনৰ পৰা চৰকাৰে জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে খাদ্য ভেজালকৰণ নিবাৰণী আইনখন বলৱৎ কৰে যদিও এই আইনখন নগাঁও জিলাত একপ্ৰকাৰে ধোঁৱা-চাঙত উঠা দৃষ্টিগোচৰ হৈছে৷ উল্লেখ্য, আইনখনক সম্পূৰ্ণৰূপে ভেঙুচালি কৰি জিলাখনৰ খোদ নগাঁও চহৰকে ধৰি গ্ৰামাঞ্চলবোৰৰ একাংশ হোটেল, ধাবা, ৰেস্তোঁৰাৰ লগতে দৈনিক, সাপ্তাহিক আৰু অৰ্ধ-সাপ্তাহিক বজাৰত মাছ আৰু মাংসৰ লগতে অন্যান্য অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী অস্বাস্থ্যকৰ পৰিৱেশত মুকলিভাৱে বিক্ৰী হৈ আহিছে৷

অভিযোগ মতে, এচাম দুৰ্নীতিগ্ৰস্ত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ গ্ৰীন চিগনেলত এইসকল ধুৰন্ধৰ ব্যৱসায়ীয়ে চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি সম্পূৰ্ণ দাম্ভিকতাৰে এইদৰে নিৰ্বিঘ্নে ব্যৱসায় চলাই আহিছে৷ যাৰ পৰিণতিত জিলাখনৰ গ্ৰামাঞ্চলবোৰৰ তিনিআলি আৰু চাৰিআলিত বহা দৈনিক সান্ধ্য বজাৰৰ লগতে সাপ্তাহিক আৰু অৰ্ধ-সাপ্তাহিক বজাৰত মুক্ত পৰিৱেশত পথৰ কাষতে বহা মাছ-মাংস, নানা প্ৰকাৰৰ শাক-পাচলি, মিঠাই জাতীয় সামগ্ৰীৰ দোকানত জাকে জাকে পৰুৱা, মাখি, বিভিন্ন বিধৰ কীট-পতংগ আৰু ধূলি-বালি আদি পৰি থকাৰ দৃষ্টিকটুৰ দৃশ্য বৰ্তমান অতিকে সুলভ হৈ পৰিছে৷ 

প্ৰকাশ যে, এনেদৰে বিক্ৰী কৰা মাছ-মাংস, শাক-পাচলি, মিঠাই জাতীয় খাদ্য-সামগ্ৰী খাই বিগত সময়ছোৱাত গঞাৰাইজ অসুস্থ হোৱাৰ উদাহৰণো নোহোৱা নহয়৷ ৰাজ্যৰ প্ৰতিখন জিলাতে নিয়োজিত হৈ থকা খাদ্য পৰিদৰ্শকসকলে খাদ্য প্ৰস্তুত কৰা কেন্দ্ৰৰ লগতে খুচুৰা আৰু পাইকাৰী খাদ্য বিক্ৰী কেন্দ্ৰবোৰ সময়ে সময়ে পৰিদৰ্শন কৰাটো নিয়ম৷ আনকি প্ৰয়োজন সাপেক্ষে এই খাদ্য পৰিদৰ্শকসকলে বিক্ৰেতাই বিক্ৰী কৰা খাদ্যৰ নমুনা সংগ্ৰহ কৰি সেইবোৰ উপযুক্ত পৰীক্ষা-নিৰীক্ষা কৰাৰ পৰৱৰ্তী পৰ্যায়ত সেই খাদ্য সামগ্ৰীবোৰ যদি ভেজাল বুলি প্ৰমাণিত হয়, তেন্তে তেনেবোৰ খাদ্য সামগ্ৰী বিক্ৰী বা প্ৰস্তুত কৰা লোকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’ব পাৰে৷ 

তদুপৰি বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানিকৃত চাউল, আটা, দাইল, মিঠাতেল, বুট, মগু, ঘেঁহু, আলু, পিঁয়াজ আদি খাদ্য সামগ্ৰীবোৰো নিয়মীয়াৰূপত পৰীক্ষা কৰাৰ বিপৰীতে অনুপযুক্তবোৰ লগে লগে নিষিদ্ধ কৰিব লাগে৷ কিন্তু নগাঁও জিলাত এইবোৰৰ বেলিকা চকু দিয়াৰ যেন তিলমানো আহৰি নাই খাদ্য পৰিদৰ্শকৰ৷ 

ইফালে, বিক্ৰেতাসকলে স্বাস্থ্য বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লোৱাটো একপ্ৰকাৰে বাধ্যমূলক যদিও এনে অনুজ্ঞপত্ৰ সন্দৰ্ভতো কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰি দুৰ্নীতিপৰায়ণ তথা অৰ্থলোভী এচাম বিষয়া-কৰ্মচাৰীয়ে বিক্ৰেতাসকলৰ লগত গোপন সমিল-মিলেৰে অসাধু ব্যৱসায় নিৰ্ভয়ে চলাই নিয়াত হাত উজান দিহে আহিছে বুলি গুৰুত্বৰ অভিযোগ উঠিছে৷ গতিকে এনে অনিয়ম ৰোধ কৰিবৰ বাবে তৎকালে কাৰ্যকৰী পদক্ষেপ হাতত ল’বলৈ জিলা উপায়ুক্তৰ প্ৰতি নগঞা সচেতন মহলে দাবী জনাইছে৷