বেতবাৰীঃ আছুৰ উদ্যোগত শিৱসাগৰ জিলাত অনুষ্ঠিত হ’ব স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা৷ ইতিমধ্যে সংগঠনটোৱে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে ফুটবৰ প্ৰতিযোগিতা খনৰ বাবে৷ আছুৰ শিৱসাগৰ জিলা সমিতি, নাজিৰা মহকুমা সমিতি, শিমলুগুৰি আৰু নাজিৰা আঞ্চলিক সমিতি সহযোগত অহা ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব 'সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী আন্তঃজিলা ফুটবল প্ৰতিযোগিতা'।

অসমৰ ক্ৰীড়া ক্ষেত্রৰ উৎকৰ্ষ সাধনাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ২০০৫ চনৰপৰা সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা আছুৰ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখন অহা ১৫, ১৬, ১৭ আৰু ১৮ ডিচেম্বৰত শিৱসাগৰ জিলাৰ বেতবাৰী, গড়গাঁও মহাবিদ্যালয়, নাজিৰা, দৰিকা নগৰ, মাউৎ গাঁও, টেঙাপুখুৰী আৰু দৰবাৰ খেলপথাৰত অনুষ্ঠিত হ'ব।

ক্ৰীড়াক কলাৰ মৰ্যদা প্ৰদান কৰাৰ ক্ষেত্রত এনে প্ৰতিযোগিতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ক্ৰীড়াপ্ৰেমী তথা ৰাইজৰ সক্ৰিয় সহযোগিতাত অসমৰ ক্ৰীড়া প্ৰতিভাক উত্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিৰ সভাপতি পূণ্যধৰ গগৈ, কাৰ্যকৰী সভাপতি শৰৎ হাজৰিকা আৰু সাধাৰণ সম্পাদক মাণিক গগৈয়ে।