দলংঘাটঃ দৰং জিলাৰ গেলাইডিঙি জ্ঞানোদয় পুথিভৰাল আৰু যুৱ সংঘ আৰু নেহেৰু যুৱ কেন্দ্ৰ দৰঙৰ উদ্যোত অনুষ্ঠিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত দেওবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হয়৷ মুদৈবড়ী বৰাচৰা বৰহাচং ফুটবল ক্লাবে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে৷

গেলাইডিঙি ৰাজহুৱা খেলপথাৰত সহস্ৰাধিক দৰ্শকৰ উপস্থিতত অনুষ্ঠিত হোৱা খেল খনত বৰচৰাই গেলাইডিঙি বড়ো স্পটচ ক্লাবক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে মুদৈবড়ী বৰচৰা বৰহাচং ফুটবল ক্লাবে। খেল খন উদ্বোধন কৰে সদৌ দৰং জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক গনেশ দত্তই। বঁটা বিতৰনি অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ভৱেশ কাকতি আৰু গাঁওবুঢ়া বিমল চন্দ্ৰ ডেকাই।