বিহালীঃ বিহালীৰ আলোড়ন ক্ৰীড়া ও সাংস্কৃতিক মঞ্চই প্ৰথমবাৰৰ বাবে ৰাংছালীত এখনি এদিনীয়া দিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উক্ত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে অসমৰ অন্যতম আগশাৰীৰ ভলীবল দল- গুৱাহাটী ভলীবল দল, ধেমাজি ভলীবল দল, তেজপুৰ (ৰেঙনি) ভলীবল দল, লক্ষীমপুৰ (বাপুজি) ভলীবল দল, উদ্দীপ্ত চ'ৰা বেদেতী (বিশ্বনাথ জিলা), তথা বিহালীৰ অন্যতম আগশাৰীৰ দল- KYC দল, RYC দলৰ লগতে দুটা স্থানীয় দল প্ৰতিধ্বনি ভলীবল দল আৰু আলোড়ন ক্ৰীয়া ও সাংস্কৃতিক মঞ্চই।

প্ৰতিযোগিতাখন উদ্ধোধন কৰে প্ৰাক্তন খেলুৱৈ তথা পৰিচালক নৱ দাসে। খেলখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিহালী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ বৰুৱা।

খেলসমূহ পৰিচালনা কৰে অৰুণ চাহা, নৱ দাস, দীপক শৰ্মা, বাপধন বৰা, প্ৰাংগন বৰা, জিত বৰা আৰু দুৰ্গা লামেচামেই৷