গোৰেশ্বৰঃ ৰাজ্যৰ ভিতৰতে আগশাৰাৰ ক্ৰীড়া অনুষ্ঠান গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চলি থকা সাহিত্যিক মেদিনী চৌধুৰী আৰু মুক্তিযুঁজাৰু পদ্মনাথ ভাগৱতী সোঁৱৰণী চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল খন বৃহস্পতিবাৰে অনুষ্ঠিত হয়৷ স্থানীয় গাটছা দলে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে।

ফাইনেল খেলত মুখামুখি হয় গাটছা আৰু সুবালা বাগান এফ চি দলে। খেলখনৰ দ্বিতীয়াদ্ধাৰ্থত গাটছাৰ হৈ একমাত্ৰ গলটো জিজ্ঞাস শৰণীয়াই দি ১-০ গলৰ ব্যৱধানত গাটছাই সুবালা বাগান এফ চি পৰাজিত কৰে। শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে সুবালা বাগান এফ চি ৰ দৈমু স্বৰ্গীয়াৰীয়ে। খেল খন পৰিচালনা কৰে-পাৰ্থ দাস, ৰেজাউল হক চৌধুৰী, মনোহৰ ৰহমান আৰু পৰেশ স্বৰ্গীয়াৰীয়ে। খেলৰ অন্তত বঁটা বিতৰণ কৰে গোৰেশ্বৰ সমষ্টিৰ ই এম মহেশ্বৰ বসুমতাৰী, গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্ব ডেকা আৰু মুক্তিযুঁজাৰু পদ্মনাথ ভাগৱতীৰ পৰিয়ালৰ হৈ হেমেন ভাগৱতীয়ে।