জালুকবাৰীঃ ফুটবলক খেলক বহিঃ ক্ৰীড়া বুলি কোৱা হয়। বিশ্বৰ কোনো কোনো দেশত ফুটবলক ‘চ’কাৰ’ বুলিও কয়। বিশ্বৰ সবাতোকৈ জনপ্ৰিয় খেলসমূহৰ মাজৰ অন্যতম ফুটবল খেল। হয়, জনপ্ৰিয় ফুটবলক খেলক লৈ অসমত এতিয়া ব্যাপক চৰ্চা৷ মাথো দুটা দিনৰ পিছত বিশ্বৰ কেবাখনো দেশৰ তাৰকা খেলুৱৈয়ে দেখাব ভৰিৰ যাদু৷ ৰাজ্যৰ লাখ লাখ ফুটবল অনুৰাগীয়ে বলিয়া হৈ আছে ভৰিৰ যাদু চাবলৈ৷ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ফুটবলৰ জ্বৰত আক্ৰান্ত ৰাজ্য৷

সৰৱ চৰ্চা ফুটবলক লৈ৷ ১৭ অনুৰ্ধ্ব বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেল সহ ৯ খন মেচ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’বলৈ মাজত মাথো দুটা দিন বাকি৷ গুৱাহাটীত গ্ৰুপ লীগৰ ৬ খন মেচ, এখন প্ৰি-কোৱাৰ্টাৰৰ ফাইনেল আৰু কোৱাৰ্টাৰ ফাইলেন মেচ অনুষ্ঠিত হ’ব৷ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচত অংশ লব ই গ্ৰুপৰ চাৰি দেশে৷ মুম্বাইত গ্ৰুপ-এ, গোৱাত গ্ৰুপ-চি, দিল্লীত গ্ৰুপ-বিৰ মেচ সমূহ অনুষ্ঠিত হ’ব৷

ইয়াৰ উপৰিও মেচৰ লগতে দুখন প্ৰি-কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত কৰাৰ দায়িত্ব পাইছে গোৱাই৷ কোচিত গ্ৰুপ ডিৰ লগতে এখনকৈ প্ৰি-কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰ অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছে৷ গুৱাহাটীক চেমি ফাইনেলৰ বাবে নিৰ্বাচিত কৰাত প্ৰকৃততে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে৷ প্ৰতিযোগিতাৰ চুড়ান্ত খেল খন অহা ২৮ অক্টোবৰত ফুটবল বলিয়া মানুহৰ চহৰ কলকতাত অনুষ্ঠিত হ’ব৷

কলকতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগন ষ্টেডিয়ামত হাজাৰ মানুহৰ সন্মুখত অনুষ্ঠিত হ’ব ফাইনেল খেল খন৷ আনহাতে গুৱাহাটী মহানগৰীত অনুষ্ঠিত আইএছএলৰ প্ৰতি খন মেচত হাজাৰ হাজাৰ লোক ভৰি পৰা কাৰ্যই প্ৰমাণ কৰিছিল অসম ফুটবল অনুৰাগীৰ ৰাজ্য৷ আইএছএলৰ এখন এখন মেচত ৩০ হাজাৰৰো অধিক অসমৰ দৰ্শকে উপভোগ কৰিছিল৷

সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ সমূহ৷সৰুসজাই ষ্টেডিয়ামৰ লগতে অনুশীলন গ্ৰাউণ্ডসমূহত ৰাজ্য চৰকাৰে ব্যাপক সুৰক্ষাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে৷ খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত কিছু দিন নাথাকিলেও প্ৰতিমূহুৰ্তত প্ৰস্তুতিৰ খবৰ ৰাখিছে৷ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰশাসনে গুৱাহাটী মহানগৰীৰ বাহিৰৰ পৰাও দক্ষ আৰক্ষী বিষয়া নিয়োগ কৰিছে৷

একপ্ৰকাৰ কবলৈ গলে মহানগৰীৰ চৌদিশে এতিয়া ফুটবলৰ বেনাৰ-পোষ্টাৰে উখল-মাখল পৰিবেশ৷ ফুটবলৰ উন্মাদনাত ডুব যাবৰ বাবে সাজু মহানগৰীবাসী। সোমবাৰে ফ্ৰান্সৰ দল আহি উপস্থিত হোৱাৰ লগতে মঙলবাৰে জাপানৰ দল আহি উপস্থিত হয় গুৱাহাটী মহানগৰীত।

মঙলবাৰে মালিগাঁও ৰেলৱে ষ্টেডিয়ামত অনুশীলন কৰে ফ্ৰান্সৰ দলটোৱে। ভৰিৰ যাদু দেখুৱাবলৈ সাজু হ’বৰ বাবে অনুশীলন অব্যাহত ৰাখিছে ফ্ৰান্সৰ দলটোৱে। সোমবাৰে ফ্ৰান্সৰ ১৭ বছৰৰ অনুৰ্ধ্বৰ বিশ্বকাপ ফুটবল দল গুৱাহাটীত বিশেষ বিমানেৰে উপস্থিত হোৱাৰ লগতে মঙলবাৰে দিনৰ প্ৰায় ১বজাত এক বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হয় জাপানৰ ১৭ বছৰৰ অনুৰ্ধ্বৰ বিশ্বকাপ ফুটবল দলটোৱে।

অসমৰ গাঁৱৰ হৰি, ৰহিম, মানস, ৰমেন আব্দুল হতৰ মাজত লুকাই থকা প্ৰতিভা বিকাশত নিশ্চয়কৈ ১৭ বছৰ অনুৰ্ধ্বৰ বিশ্বকাপ ফুটবলে প্ৰভাৱ পেলাব৷ বিশ্বকাপ ফুটবলক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ একাংশ লোকে গ্ৰাম্য অঞ্চলৰ ফুটবলৰ প্ৰতিভাক চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণ দিবলৈ আহ্বান জনায়৷

কিয়নো যোৱা ৬-৭ বছৰত ৰাজ্যৰ কেবাগৰাকী প্ৰতিভাৱান যুৱ খেলুৱৈয়ে ফুটবল খেলত উজলি উঠা পৰিলক্ষিত হৈছে৷ চৰকাৰে গাৱে-ভূঞে সিচৰিত হৈ থকা প্ৰতিভাক গুৰুত্ব দিলে যথেষ্ট যুৱ খেলুৱৈয়ে উজলি উঠিব এয়া খাতং৷