গুৱাহাটীঃ চাওতে চাওতে আহি পালে হেঁপাহৰ ভোগালী। পিছে এইবাৰ ক’তোৱেই নাই ভোগালীৰ সেই প্ৰাণভৰা উছাহ। বিপৰীতে ভোগালী বিহু হৈ পৰিছে প্ৰতিবাদৰ আন এক নাম। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰই অধিসূচনাৰ জৰিয়তে ১০ জানুৱাৰীৰ পৰা বলৱৎ কৰা নাগৰিকত্ব সংশোধনী আইনখনক জাতিধ্বংসী আখ্যা দি প্ৰতিটো মেজিৰ জুইত উক্ত আইনখনৰ প্ৰতিলিপি দাহ কৰিবলৈ আহ্বান জনাইছে অসমবাসী ৰাইজক।

ছাত্ৰ সংগঠনটোৰ আহ্বানলৈ সঁহাৰি জনাই ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ ৰাইজে 'কা’ৰ বিৰোধিতাৰে মেজি সজা দেখা গৈছে। ছাত্ৰ সংগঠনটোৱে আহ্বান জনোৱাৰ পূৰ্বেও বহু লোকে নিজাববীয়াকৈ মেজিৰ জৰিয়তে এনেদৰে 'কা’ৰ বিৰোধিতা কৰিবলৈ যো-জা চলোৱাৰ বাতৰি বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। 

উল্লেখ্য যে যোৱাবাৰৰ ভোগালী বিহুতো মেজিৰ জুই হৈ পৰিছিল প্ৰতিবাদৰ আন এক নাম। তেতিয়া অৱশ্যে 'কা’ 'কেব’ হৈয়ে আছিল। 'কেব’ৰ বিৰুদ্ধে যোৱাবাৰৰ মাঘত সৰৱ হৈ পৰিছিল সম্প্ৰতি এটাৰ পিছত এটাকৈ গোচৰ জাপি দি কাৰাগাৰত আৱদ্ধ কৰি ৰখা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। গগৈয়ে ৰাজ্যবাসীক আহ্বান জনাইছিল মেজিৰ জুইত 'কেব’ৰ প্ৰতিলিপি দাহ কৰিবলৈ। উক্ত আহ্বানৰ পিছতে সেইবাৰ মেজিৰ জুইত হৰিধ্বনিৰ লগতে শুনা গৈছিল 'কেব’ বিৰোধী ধ্বনি।

বিগত বৰ্ষতো ভোগালীক লৈ ম্লান পৰিছিল অসমবাসীৰ উছাহ। কিন্তু এইবাৰ উছাহ একেবাৰে নিস্তেজ। যোৱাবাৰৰ মাঘৰ মেজিৰ জুইয়ে 'কেব’ৰ দৰে জাতিধ্বংসী বিধেয়কখনৰ পৰা অসমীয়া জাতিক ৰক্ষা কৰিবলৈ সমৰ্থ হ’ব বুলি ভবা হৈছিল যদিও এবছৰ পিছতে 'কেব’ হৈ পৰিল 'কা’। তথাপি অসমৰ প্ৰতিবাদী জনতাই হেৰুওৱা নাই মনৰ বল, হেৰুওৱা নাই মেজিৰ জুইৰ প্ৰতি থকা অগাধ বিশ্বাস।

'যোৱাবাৰ আমি বিধেয়কৰ প্ৰতিলিপি দাহ কৰিছিলো। আমাৰ প্ৰতিবাদক গুৰুত্ব নিদি দিল্লীয়ে বিধেয়কক আইন কৰিলে। এইবাৰ আমি আইন দাহ কৰিম। মুঠৰ ওপৰত আমি এই আইন মানি নলও। ভোগালীৰ ভোগৰ কথা এনেকৈ পাহৰি পেলোৱা দুবছৰ হ’ল। এইবাৰ ভোগালীত ভোগ কৰাৰ কথা মনলৈ আনিবই পৰা নাই। ৫ জনকৈ তেজাল যুৱক শ্বহীদ হ’ল। তাৰ পিছত আৰু ভোগালীৰ আনন্দ থাকিব পাৰেনে?’-NNOৰ প্ৰতিনিধিৰ আগত এইদৰে কয় কামৰূপ জিলাৰ ৰঙিয়া অঞ্চলৰ এজন যুৱকে।

উল্লেখ্য যে এইবাৰ মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰতিটো অঞ্চলতে ভোগালীৰ বজাৰত দেখিবলৈ পোৱা হোৱা নাই পূৰ্বৰ দৰে ক্ৰেতা-বিক্ৰেতাৰ পাৰভঙা উছাহ। 'কা’ বিৰোধী প্ৰতিবাদৰ মাজতে ভূতৰ ওপৰত দানহ হৈ পৰিছে বয়-বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি। ভোগালীৰ বতৰত প্ৰয়োজন অনুভৱ হোৱা প্ৰায় প্ৰতিটো সামগ্ৰীৰ দামেই ভাবিবলৈ বাধ্য কৰাই তুলিছে সৰ্বসাধাৰণক। দুবছৰ পূৰ্বে যদি উৰুকাৰ নিশা হাঁহে-মাহে এসাজ হেঁপাহ পলুৱাই খোৱাৰ কথা ভাবিছিল এইবাৰ কেৱল মাহেৰেই নিজকে সন্তুষ্ট কৰিবলৈ বাধ্য হৈ পৰিছে অসংখ্যজন।

আনহাতে এমাহ ধৰি হৈ থকা ধাৰাবাহিক আন্দোলনৰ ফলত বহু লোকে আশা কৰা ধৰণে উপাৰ্জন কৰিব পৰা নাই ধন। মন্দা হৈ পৰিছে ব্যৱসায়। 'মন একদম ভাল নহয়। বিক্ৰী একেবাৰে ভাল নহয়। এইবাৰ বিক্ৰী কম হোৱাৰ ৰেকৰ্ড হৈছে আমাৰ দোকানত। ঠাণ্ডা ছিজনত আমি ইমান বছৰে বহুত জেকেট বিক্ৰী কৰিলো। কিন্তু এইবাৰ পূৰা লোকচান হৈছে। জেকেট ৰৈ গৈছে, বিক্ৰীয়েই নহ’ল। কিনিব কোনে? মানুহ পিকনিকত যোৱা নাই। চাৰিওফালে ইমান গণ্ডগোল। এনে মন্দা বিজনেছৰ পিছত বিহু খাম কেনেকৈ? ষ্টাফকেই ফুল ছেলাৰী দিব নোৱাৰিলো।’-ভোগালীৰ বতৰতো নিস্তেজ মনেৰে এই মন্তব্য কৰে গণেশগুৰিৰ এজন থলুৱা কাপোৰৰ ব্যৱসায়ীয়ে। 

এনেদৰেই এতিয়া ক্ৰমাগতভাৱে দ্বিতীয়টো বছৰৰ বাবে উকা উকা হৈ পৰিছে মাঘৰ উৰুকাৰ আগৰ আৰু পিছৰ পৰিৱেশ। মেজিৰ জুই হৈ পৰিছে প্ৰতিবাদৰ আন এক নাম। প্ৰায় প্ৰতিটো মেজিৰ কাষতে আঁৰি দিয়া হৈছে সেই শ্ল’গান, 'No CAA’। এই 'No CAA’ ধ্বনিৰেই সমগ্ৰ অসমতে মুখৰিত হৈ পৰিব এইবাৰৰ উৰুকা।