তিনিচুকীয়াঃ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি যে বন বিভাগৰ একাংশ বিষয়াই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে সেয়া পুনৰ প্ৰমাণিত কৰিলে তিনিচুকীয়া জিলাৰ ডুমডুমাত এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱা ঘটনাই।

সোমবাৰে দিনৰ ভাগত ডুমডুমাৰ কৰ্দৈগুৰি অঞ্চলৰ জকাইচুক গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় এই দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰটো। সদৌ মৰাণ ছাত্ৰ সন্থাৰ জকাইচুক শাখাৰ বিষয়ববীয়াসকলৰ সহযোগত 'প্ৰকৃতি' নামৰ স্থানীয় প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ কৰ্মকৰ্তাসকলে আহত অৱস্থাত উদ্ধাৰ কৰে বান্দৰটোক।

চকুত আঘাত পোৱা বান্দৰটোক ততাতৈয়াকৈ চিকিৎসাৰ বাবে ডুমডুমা পশু চিকিৎসালয়লৈ নিয়া হয়। কিন্তু সেই সময়ত তাত উপস্থিত নাছিল এজনো চিকিৎসক। উদ্ধাৰকাৰী দলটোৱে আন কৰ্মচাৰীসকলক দৰৱৰ ব্যৱস্থা কৰিবলৈ কয় যদিও কোনোধৰণৰ দৰৱ-পাতি নাই বুলি জানিবলৈ দিয়ে।

উপায়ন্তৰ হৈ উদ্ধাৰকাৰী দলটোৱে জিলা বন বিষয়াক ফোনযোগে ঘটনাৰ সবিশেষ অৱগত কৰে যদিও মিটিঙত ব্যস্ত থকা বুলি কৈ দায় সৰা মন্তব্য প্ৰদান কৰে। বন বিষয়াজনৰ এনে প্ৰত্যুত্তৰত হতভম্ব হৈ পৰা উদ্ধাৰকাৰী দলটোৱে পিছত নিজে আহত দুষ্প্ৰাপ্য বান্দৰটোৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয়।

সমীপৱৰ্তী ডিব্ৰু-ছৈখোৱা বনাঞ্চলৰ পৰা অহা বুলি সন্দেহ কৰা আহত বান্দৰটোৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিবলৈ দিছে উদ্ধাৰকাৰী দলটোৱে। অৱস্থা সংকটজনক হ'লেও বান্দৰটোক বৰ্তমান নিজৰ তত্বাৱধানত ৰাখিছে 'প্ৰকৃতি' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ এজন কৰ্ম-কৰ্তাই।

ইফালে বন বিভাগৰ এনে দায়িত্বহীন কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে জিলাখনৰ প্ৰকৃতিপ্ৰেমী দল-সংগঠনসমূহ।