ডিজিটেল ডেস্কঃ ভাৰতৰ সপ্তমগৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে’ত বোমাৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল। দক্ষিণ ভাৰতৰ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা প্ৰায় ৩০ কিঃ মিঃ নিলগৰ শ্ৰীপেৰুম্বুদূৰ লোকসভা সমষ্টিৰ এখন গাঁৱত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ অকাল মৃত্যুক আকোৱালি লয়৷ ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ সৈতে জড়িত কাৰাবন্দী এগৰাকী শ্ৰীলংকাৰ এজন অপৰাধীয়ে বিচাৰিলে ইচ্ছা মৃত্যুৰ অনুমতি৷

২৬ বছৰে কাৰাবন্দী হৈ থকা শ্ৰীলংকাৰ ৰবৰ্ট পায়স নামৰ অপৰাধীজনে তামিলনাডুৰ চৰকাৰক আৰ্জি প্ৰেৰণ কৰি ইচ্ছামৃত্যুৰ অনুমতি বিচাৰে৷ পায়সে মুখ্যমন্ত্ৰী ইদাপাদ্দী পলানীছস্বামীক এখন পত্ৰ লিখি ক্ষমাৰ দ্বাৰা মৃত্যুদণ্ড দি তেওঁৰ মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিবলৈ অনুৰোধ জনাইছে৷ কাৰাগাৰৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে, অপৰাধী পায়সে পূঝল জেল প্ৰশাসনৰ জৰিয়তে চৰকাৰলৈ এই আবেদন প্ৰেৰণ কৰিছে৷

পত্ৰখনৰ জৰিয়তে পায়সে কয়, মই বুজিব পৰা নাই যে কিয় মোক এতিয়াও কাৰাদণ্ডৰ পৰা মুক্তি দিয়া নাই৷ কিয় মোক মুক্তি দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে৷ তেওঁ তামিলনাডুৰ পূৰ্ব মুখ্যমন্ত্ৰী জয়াললিতাই মুক্তি দিয়াৰ বাবে বিচাৰ চলাই আছিল বুলিও পত্ৰখনত উল্লেখ কৰিছে৷ পায়সে লগতে কয়, মই এতিয়া এনে এক পৰিস্থিতিত উপনীত হৈ আছোঁ যে মোক মুকলি কৰি দিয়াৰ কোনো সম্ভাৱনা নাই৷ যাৰ বাবে জীয়াই থকাৰ কোনো ইচ্ছা নোহোৱা হৈছে৷ ইয়াৰোপৰি পায়সে তেওঁ কৰা অপৰাধৰ বাবে যে কেৱল তেওঁৱেই শাস্তি ভোগ কৰিছে তেনে নহয়, তেওঁ পৰিয়ালেও শাস্তি ভুগিব লগা হৈছে৷ এনে জীয়াতু বেদনা সহ্য কৰিব নোৱাৰিয়েই ৰবৰ্ট পায়সে ইচ্ছা মৃত্যুৰ অনুমতি বিচাৰিছে বুলি ধাৰণা কৰিব পাৰি৷