গুৰুগ্ৰামঃ জেলৰ কাৰ্যকলাপ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে এপ নিৰ্মাণ কৰি অভিলেখ গঢ়িছে চাৰিজন কয়দীয়ে। এয়া হয়তো বিশ্বৰ প্ৰথমটো এপ যিটো জেলৰ ভিতৰৰ কয়দীয়ে নিৰ্মাণ কৰিছে। ফনিক্স নামৰ এক বিশেষ এপটো নিৰ্মাণ কৰি লিমকা বুক অব ৰেকৰ্ডছ প্ৰৱেশ কৰিছে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এই চাৰি কয়দী।

কয়দীসকলৰ ইতি-বৃত্তি, কয়দীসকলক লগ কৰিবলৈ অহা মানুহৰ হিচাব আৰু জেলৰ কেন্টিনৰ ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰাত এই এপটো জেল কৰ্তৃপক্ষৰ সহায়ক হ’ব। ইতিমধ্যে হাৰিয়ানাৰ ১১ খন জেলত এই এপ ব্যৱহাৰ কৰা হৈছে৷