খেৰণিঃ দেওবাৰে কাৰ্বি পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী জগৎছিং ইংতিয়ে কাৰ্বি আংলঙৰ তুমপ্ৰেঙৰ হাতীমাৰা মাধ্যমিক বিদ্যালয়ৰ নৱ-নিৰ্মিত বিদ্যালয় গৃহ উদ্ধোধন কৰে। 

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে', বৈঠলাংছ' বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, পৰিষদৰ কাৰ্যবাহী সদস্য জগৎছিং ইংতি, পৰিষদীয় সদস্য মংগলছিং তিমুং, দৰছিং ৰংহাং, ৰামছিং তিমুং, লুনছিং টেৰণ, গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপিৰ উপস্থিত থাকে উদ্ধোধন কৰে গৃহটো। 

নাম-তৰাডুবিত বিধায়ক ডঃ মানছিং ৰংপিয়ে নৱ-নির্মিত এখন মুকলি মঞ্চৰ শুভ উদ্বোধন কৰাৰ লগতে তুমপ্ৰেঙৰ মুগাচঙত গড়কাপ্তানী পথ-বিবেকানন্দ বিদ্যালয় সংযোগী পথৰ শুভ উদ্বোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। 

হোজাই জিলাৰ হোজাইতো কাৰ্বি হেম-টুন নামাকৰণেৰে এটি কাৰ্বি ভৱনৰ আধাৰশিলাও স্থাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। কাৰ্বি আংলঙৰ টুমৰেঙৰ লগতে হোজাই জিলাৰ হোজাইত তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি পৰিষদৰ কাৰ্যবাহী-সদস্যৰ দলটোৱে কেইবাটাও আচঁনিৰ শুভ উদ্ধোধন আৰু আধাৰশিলা স্থাপন কৰে।