দৈনিক ২০ জন ৰোগীয়ে লাভ কৰিব ডায়েলাইচিচ সেৱা

মঙ্গলদৈঃ ৰাজ্যখনৰ অন্যান্য আঠখন জিলাৰ লগতে দৰং জিলাৰ মঙ্গলদৈ অসামৰিক চিকিৎসালয়তো প্ৰথম পৰ্যায়ত আৰম্ভ কৰা হৈছে বৃক্ক ৰোগীসকলৰ বিনামূলীয়া ডায়েলাইচিচ সেৱা। শনিবাৰে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত বৃক্ক ৰোগীসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয়  বিনামূলীয়া ডায়েলাইচিচ আচঁনিখনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই। 

মঙ্গলদৈ অসামৰিক চিকিৎসালয়খনৰ লগতে থকা মাতৃ আৰু শিশু স্বাস্থ্য কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত আচঁনিখনৰ শুভাৰম্ভ অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীজনে কয় যে, ২০১৬ চনতে দেশৰ বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া ডায়েলাইচিচ সেৱা আৰম্ভ কৰা হৈছিল যদিও বিভিন্ন কাৰণত অসমত এই আঁচনি খন আৰম্ভ কৰিব পৰা হোৱা নাছিল। কিন্তু শেহতীয়াকৈ ফেয়াৰফেক্স নামৰ কোম্পানীটোৱে বিনামূলীয়াকৈ হেম'ডায়েলাইচিচ মেচিন যোগান ধৰিবলৈ আগ্ৰহী হোৱাত এপ'ল' চিকিৎসালয়ৰ পৰিচালনাত এই সেৱা আৰম্ভ কৰা হৈছে। 

প্ৰথম পৰ্যায়ত আঠখন জিলা নিৰ্বাচিত কৰি দৰং জিলাকো প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে বুলি ঘোষণা কৰি তেওঁ কয় যে- এতিয়াৰে পৰা প্ৰতিদিনে ২০ জনক বৃক্ক ৰোগীৰ বিনামূলীয়া ডায়েলাইচিচ কৰা হ'ব আৰু এইদৰে মাহে ৬০০ জন ৰোগী এই সেৱাৰ পৰা উপকৃত হ'ব । 

এই আঁচনিখন শুভাৰম্ভ কৰাৰ পিছত তেওঁ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসালয় ভৱনটি পৰিদৰ্শন কৰে আৰু এক বৃক্ষৰোপন কার্যসূচীত ভাগ লয়। আনহাতে, মাতৃ আৰু শিশু চিকিৎসালয় ভৱনটোত কেইবাগৰাকী মহিলা ৰোগী চিকিৎসাৰ বাবে আহি মজিয়াত পৰি থকা দেখি তেওঁ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে চিকিৎসালয়খনত আৰু এশখন বিচনা সংযোগ কৰাৰ কথা আশ্বাস প্ৰদান কৰে। 

একেদৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই দুনী আদর্শ চিকিৎসালয় আৰু মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে ৰাস্তা ঘাটৰ অসুবিধাৰ কথা উল্লেখ কৰি সেই সমূহ চৰকাৰৰ ফালৰপৰা অতি সোনকালে সমাধান কৰা হব বুলি ভাষণত কয়। 

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী পীযুষ হাজৰিকা,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।  

উল্লেখ্য যে, অসমৰ ১৮ খন চিকিৎসালয়ত ফেয়াৰফেক্সে প্ৰতিখনতে পাঁচটাকৈ হেম'ডায়েলাইচিচ  মেচিন বিনামূলীয়াকৈ যোগান ধৰিছে। এই সেৱা পৰিচালনা কৰাৰ বাবদ চৰকাৰে প্ৰতিজন ৰোগীৰ বিপৰীতে এপ'ল' চিকিৎসালিক ১২৯৬ টকা দিব লাগিব। ইয়াৰে ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে বহন কৰাৰ বিপৰীতে ১০ শতাংশ বহন কৰিব ৰাজ্য চৰকাৰে।