উৰিয়ামঘাটঃ বিশুদ্ধ খোৱাপানী, বাট-পথ, স্বাস্থ্য, শিক্ষা, নগাৰ তাণ্ডৱ আদি সমস্যাৰ মাজত যুজ দি অহা অসম-নাগালেণ্ড সীমান্তত বৃহস্পতিবাৰে বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়৷

চৌ দিশৰ পৰা পৰা পিছ পৰি থকা অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত ব'ৰ্ডাৰ ডেভলপমেন্ট ৱেলফাৰ অৰ্গেনাইজেশ্বনৰ উদ্যোগত অাৰু যোৰহাট লায়ন্স ক্লাৱৰ সহযোগত অনুষ্ঠিত বীনামূলীয়া চকু পৰীক্ষা শিবিৰত অঞ্চলটোৰ বহু লোকে চকু পৰীক্ষা কৰে৷

ব'ৰ্ডাৰ ডেভলপমেন্ট ৱেলফেৰৰ সম্পাদক পদুম বসুমুতাৰীয়ে অাঁত ধৰা এক জড়িয়তে শিবিৰ উদ্ধোধন কৰা হয়৷ ধনশিৰি মহকুমাৰ মহকুমাধিপতি বিপুল দাসে শিবিৰ উদ্ধোধন কৰা অনুষ্ঠানত সীমান্ত সুৰক্ষা বাহিনীৰ সহকাৰী অধিনায়ক অভিজিৎ সৰকাৰ, ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাণজিৎ কুুমাৰ দেৱকে ধৰি ভাৰতীয় তেল অাৰু প্ৰাকৃতিক গেছ নিগমৰ যোৰহাট অাৰু চিনামাৰাৰ বিষয়াকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

শিবিৰত প্ৰায় অৰ্ধশতাধীক ৰোগীৰ চকু চিকিৎসা কৰি তাৰে সত্তৰগৰাকী ৰোগীক অস্ত্ৰোপ্ৰচাৰ বাবে যোৰহাট লায়ন্স ক্লাৱলৈ প্ৰেৰণ কৰা হয়৷