ডিব্ৰুগড়ঃ অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী জি এল পাব্লিকেচনৰ স্বত্বাধিকাৰী, অসমৰ আগশাৰীৰ বাতৰি কাকত "আমাৰ অসম"ৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে।

সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সভাপতি বিপুল মেধি, সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰৰ লগতে ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়াই এক বিবৃতিত কয় যে, জি এল আগৰৱালা অসমৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য যুঁজাৰো আছিল ।

তেখেতে অসম আন্দোলনৰ সমসাময়িক সময়তেই অসমীয়া সাপ্তাহিক পূৰ্বাঞ্চল আৰু হিন্দী দৈনিক পূৰ্বাঞ্চল প্ৰহৰী কাকত প্ৰকাশ কৰি অসমীয়া সংবাদ জগতলৈ বলিষ্ঠ প্ৰদক্ষেপ আগবঢ়োৱাৰ লগতে সেই দশকতেই অসমীয়া সংবাদ জগতলৈ অসমীয়া দৈনিক আমাৰ অসম কাকতখন প্ৰকাশ কৰাটো আন এক বৃহত্তৰ পদক্ষেপ ।

এইগৰাকী মহান ব্যক্তিয়ে সেই সময়ৰ পৰাই অসমীয়া জাতীয় জীৱনৰ মেৰুদণ্ড স্বৰূপ সৰ্ববৃহৎ অনুষ্ঠান অসম সাহিত্য সভাৰ লগত সংপৃক্ত হৈ বৰপেটা অধিবেশনৰ আদৰণি সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰিছিল । তেখেতে অসমীয়া ভাষাৰ শক্তিশালী ৰূপৰ বাবেই কেইবাখনো পুস্তিকাৰ জৰিয়তে অসমীয়া ভাষাটো শুদ্ধকৈ লেখা আৰু পঢ়াৰ বাবে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল ।

ইয়াৰ উপৰিও তেখেতে প্ৰতি বছৰে নাম কীৰ্তনৰ জৰিয়তে গুৰু দুজনাৰ প্ৰতি শ্রদ্ধাৰ্ঘ অৰ্পণ কৰি আহিছে । এই গৰাকী মহান অসমীয়াৰ অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত অৱদান , দায়বদ্ধতা আমাৰ বাবে চিৰ স্মৰণীয় হৈ ৰব । তাৰোপৰি, অসমৰ সংবাদ জগতৰ বহু সংবাদসেৱী জন্মৰ ক্ষেত্ৰত এইজনা ব্যক্তিৰ অৱদান আছিল অপৰিসীম ।