বিশেষ প্ৰতিবেদনঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ বিশ্বৰ দেশে দেশ অব্যাহত থকা লকডাউনৰ ফলত বিধ্বস্ত হৈ পৰিছে ব্যৱসায়-বাণিজ্য। উপাৰ্জন নাইকিয়া হৈ পৰাত গ্ৰাহকসকলে অত্যাৱশ্যাকীয় দুই-এপদ সামগ্ৰীৰ বাদে আন সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ এৰি দিছে। ফলত এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে এটাৰ পিছত এটাকৈ উদ্যোগ-প্ৰতিষ্ঠান।

কৰ’না কালৰ এই মন্দাৱস্থাৰ ধুমুহাত বিশ্বৰ চুক-কোণৰ প্ৰায় প্ৰতিটো কোম্পানী বিপৰ্যস্ত হৈ পৰাৰ সময়তো মূৰ দাঙি থকা দেখা গৈছে প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ কেইটামান বছ বছা বৃহৎ প্ৰতিষ্ঠান। কেৱল মূৰ দাঙি উঠাই নহয়, বিবিচিৰ 'টেকন’লজি ৰিপ’ৰ্টাৰ’ ৰ’ৰি ছেলান জন্সে ভৱিষ্যতবাণী কৰিছে যে কৰ’না ধুমুহা শাম কটাৰ পিছতে এনে কোম্পানীসমূহ অধিক শক্তিশালীহে হৈ পৰিব।

প্ৰযুক্তি সাংবাদিক জন্সৰ মতে কৰ’না কালৰ পিছত সমগ্ৰ বিশ্বতে এক নতুন ৰূপত দেখা যোৱাৰ সম্ভাৱনা থকা 'মহাৰজা’ সদৃশ এই কোম্পানীকেইটা হৈছে গুগল মালিকানাধীন এল্ফাবেট, এপল, ফেচবুক আৰু এমাজন। এই কোম্পানীকেইটাক একেলগে 'GAFA’ (গুগল, এপল, ফেচবুক আৰু এমাজন) গেং আখ্যা দিয়া হৈছে।

কেবাগৰাকী বিশেষজ্ঞৰ উধৃতিৰে জন্সে কৈছে যে কৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰা এই সময়ত 'GAFA’ গেং দুৰ্বল হোৱাৰ পৰিৱৰ্তে শক্তিশালীহে হৈছে। কোম্পানীকেইটাৰ লাভ তথা জনপ্ৰিয়তা আদি সামৰি লোৱা শেহতীয়া ৰিপ’ৰ্টত কোম্পানীকেইটা অনাগত সময়ত সমগ্ৰ বিশ্বতে অধিক প্ৰভাৱশালী হৈ উঠাৰ স্পষ্ট ইংগিত পোৱা গৈছে।

গুগল আৰু ফেচবুক

গুগল আৰু ফেচবুক দুয়োটা কোম্পানীৰে উপাৰ্জনৰ মূল উৎস হৈছে বিজ্ঞাপন। যিসময়ত বিশ্বৰ আগশাৰীৰ কাকত-আলোচনী, নিউজ চেনেল আৰু নিউজ পৰ্টেলসমূহক বিজ্ঞাপন প্ৰদান কৰা কোম্পানীসমূহে বিজ্ঞাপন দিবলৈ কমাই দিছে সেই সময়তে গুগল আৰু ফেচবুকৰ দৰে কোম্পানীৰো বিপদ হোৱাতোৱেই স্বাভাৱিক। 

সেইমতে, মাৰ্চ মাহত গুগল আৰু ফেচবুক দুয়োটা কোম্পানীৰে বিজ্ঞাপন হ্ৰাস পাবলৈ আৰম্ভ কৰে। কিন্তু শ্বেয়াৰৰ মূল্য ক্ৰমাৎ বৃদ্ধি পায়। গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে জনোৱা মতে বিজ্ঞাপনৰ পৰিমাণ পূৰ্বতকৈ কিছু হ্ৰাস পালেও ব্যৱহাৰৰ সংখ্যা কেবাগুণে বৃদ্ধি পাইছে। ফেচবুকৰ হৰ্তা-কৰ্তা জুকাৰবাৰ্গেও এপৰ ব্যৱহাৰকাৰী আৰু এংগেজমেণ্ট (ব্যৱহাৰৰ পৰিমাণ) বৃদ্ধি পোৱাৰ কথা সদৰী কৰিছে। 

ব্যৱহাৰকাৰী আৰু ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পোৱা সন্দৰ্ভত জন্সে কৈছে যে ইয়াৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বতে কোম্পানীকেইটাৰ আধিপত্য পূৰ্বতকৈও বৃদ্ধি পালে। তেওঁ আৰু কয় যে যি সময়ত কৰ’না মহামাৰীয়ে বাতৰি কাকত আৰু টিভি চেনেলৰ ব্যৱসায়লৈ খৰাং নমাই আনিছে সেই সময়তে গুগল আৰু ফেচবুকৰ বাবে খোল খাইছে এখন স্বৰ্ণ দুৱাৰ।

এপল আৰু এমাজন

এইকেইদিনত এপলৰ হাৰ্ডৱেৰ ব্যৱসায় বা ফোনৰ বিক্ৰী বহুপৰিমাণে হ্ৰাস পাইছে। বিপৰীতে তেওঁলোকে প্ৰদান কৰা অনলাইন সেৱা গ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।

অনলাইন ৰিটেইল বিজনেছৰ দৈত্যস্বৰূপ এমাজনৰো ই-কমাৰ্চত কিছু প্ৰভাৱ পৰিলেও ক্লাউড কম্পিউটিঙৰ ব্যৱসায়ত লক্ষণীয় বৃদ্ধি দেখা গৈছে। ক্লাউড কম্পিউটিং কি বস্তু সেয়া বুজি নোপোৱা বহু লোকেও এতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ সেৱা।

অৱশ্যে কোম্পানী দুটাই কৰ’না ভাইৰাছৰ মোকাবিলা কৰিবলৈ কিছু খৰছো কৰিবলৈ বাধ্য হৈ পৰিছে। এমাজনৰ স্বত্বাধিকাৰী জেফ বেজ’ছে কৈছে যে এই সংকট কালত মুনাফা সংগ্ৰহ তেওঁলোকৰ লক্ষ্য নহয়। সেয়ে তেওঁ বিনিয়োগকাৰীসকলক এই সময়ত কেৱল লাভৰ কথা নাভাবিবলৈকো সকীয়াই দিছিল।

কিন্তু লাভৰ কথা নাভাবিলেও অগ্ৰগতিৰ বাবে যিমান পাৰি সিমান খৰছ কৰা নীতিৰেই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ আখ্যা পাবলৈ সমৰ্থ হোৱা এমাজনৰ স্বত্বাধিকাৰীয়েও কৰ’নাৰ সংকটকালৰ মাজতে দেখা পাইছে সম্ভাৱনাৰ আন এক নতুন পথ। বিশেষজ্ঞসকলেও স্পষ্টকৈ কৈছে যে গুগল আৰু ফেচবুকৰ দৰেকৈ কৰ’না কালৰ পিছতে ই-কমাৰ্চৰ আৰু ক্লাউড কম্পিউটিঙৰ জৰিয়তে অধিক শক্তিশালী হৈ পৰিব এমাজন।

কঠোৰ নিয়মৰ দাবী

তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ আন এটি দৈত্যসদৃশ প্ৰতিষ্ঠান মাইক্ৰ’ছফটেও কৰ’না কালৰ পিছতে সমগ্ৰ বিশ্বৰ চুকে-কোণে পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত বিয়পি পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। বিবিচিৰ প্ৰযুক্তি সাংবাদিক জন্সৰ মতে কৰ’না কালৰ পিছত সমগ্ৰ বিশ্বতে আৰু নতুন নতুন ক্ষেত্ৰত উইণ্ডজৰ ব্যৱহাৰ বৃদ্ধি পাব আৰু তাৰ ফলত লাভান্বিত হ’ব মাইক্ৰ’ছফট।

কৰ’না মহামাৰীয়ে সৃষ্টি কৰা সংকটকালতো ইমান সুস্থিৰ অৱস্থাত থাকিবলৈ হোৱা 'GAFA’ গেঙৰ কোম্পানীকেইটাক নিয়ন্ত্ৰণ নকৰিলে ক্ষুদ্ৰ ক্ষুদ্ৰ কোম্পানীসমূহে তিষ্ঠি থকাটোৱেই টান হ’ব বুলি আশংকা ব্যক্ত কৰিছে সাংবাদিক জন্সে। 

জন্সে সোধা এক প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা জেছন ফ’ৰমেনে কৈছে যে এই কোম্পানীকেইটাক নিয়ন্ত্ৰণত ৰাখিবলৈ আইন কঠোৰ নকৰিলে সমগ্ৰ বিশ্বতে সৰ্বসাধাৰণৰ মাজত বিৰূপ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অ’বামাৰ পৰামৰ্শদাতাগৰাকীয়ে আশংকা প্ৰকাশ কৰে যে কৰ’নাৰ সংকটকালৰ ফলত কোম্পানীকেইটাক বিশ্বৰ দেশসমূহে প্ৰয়োজন অনুপাতে নিয়ন্ত্ৰণত ৰখাৰ ক্ষমতা হেৰুৱাই পেলাব।

'যদিহে এনে পৰিস্থিতি অব্যাহত থাকে তেন্তে এই কোম্পানীকেইটা মহা শক্তিশালী হৈ পৰিব। কৰ’নাৰ সংকটলৈ চাই দেশসমূহৰ চৰকাৰে কোম্পানীকেইটাক নিয়ম-কানুনত ৰেহাই দিলেই কোনো নহয় কোনো প্ৰকাৰে আৰ্থিক সংকট সৃষ্টি হোৱাতো নিশ্চিত।’-ফ’ৰমেনে কয়।

তাৎপৰ্যপূৰ্ণ যে কৰ’নাৰ বাবে যিসময়ত বিশ্বৰ বিভিন্ন শ্বেয়াৰ বজাৰত হোৰাহোৰে তললৈ নামিছে সেইসময়তে আমেৰিকাৰ শ্বেয়াৰ বজাৰত দেখা গৈছে তাৰ বিপৰীত ছবি। এপ্ৰিল মাহত আমেৰিকাৰ শ্বেয়াৰ বজাৰ বিগত ৩ বছৰৰ ভিতৰতে উৰ্ধগামী হৈ পৰিছে। ফ’ৰমেনৰ মতে এয়া সম্ভৱ হৈছে একমাত্ৰ প্ৰযুক্তি কোম্পানীকেইটাৰ বাবে।

উল্লেখ্য যে যোৱা ১৫ মাৰ্চৰ পিছত এমাজন আৰু নেটফ্লিক্সৰ শ্বেয়াৰ ৪০ শতাংশ পৰ্যন্ত উৰ্ধগামী হৈছিল। একেদৰে ফেচবুক, গুগল, এপল আৰু মাইক্ৰ’ছফটৰ শ্বেয়াৰতো দেখা গৈছিল উৰ্ধগামী ৰূপ। এই প্ৰযুক্তি কোম্পানীকেইটাৰ এনে অগ্ৰগতিৰ সময়তে আমেৰিকাৰ ড’নাল্ড ট্ৰাম্প প্ৰশাসনে বিষয়টোক গুৰুত্বসহকাৰে নোলোৱাতো সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ  হৈ পৰিব পাৰে বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে।

ভাৰত তথা অসমত ইয়াৰ প্ৰভাৱ

'GAFA’ গেং মহা শক্তিশালী হৈ পৰিলে ইয়াৰ স্পষ্ট প্ৰভাৱ দেখা যাব ভাৰততো। ইতিমধ্যে 'GAFA’ গেঙৰ এটা কোম্পানী ফেচবুকে জিঅ’ৰ প্ৰায় ১০ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে। আমেৰিকাৰ আৰু এটা কোম্পানীয়ে জিঅ’ত বিনিয়োগ কৰা দেখা গৈছে। কেন্দ্ৰ চৰকাৰে এফডিআইৰ নীতি-নিয়ম কঠোৰ কৰা বুলি দাবী কৰিলেও দেখা গৈছে যে বাস্তৱত বহু সুৰুঙা ৰৈ গৈছে।

ইয়াৰ ফলত ভাৰতৰ সৰু-বৰ কোম্পানী আৰু ব্যৱসায়ীসকলৰ ব্যৱসায় তথা জীৱন-ধাৰণ আৰু পেছালৈ যিকোনো মুহূৰ্ততে সংকট নমাই আনিব বুলি আশংকা প্ৰকাশ কৰিছে কেবাগৰাকী বিশেষজ্ঞই। 'জিঅ’ই ইতিমধ্যে ই-কমাৰ্চৰ জৰিয়তে প্ৰতিটো চুক-কোণৰ দোকানসমূহ নিজৰ অধীনলৈ নিয়াৰ যো-জা চলাইছে। সংবাদ মাধ্যমে বিজ্ঞাপন প্ৰায় হেৰুৱাই পেলাইছে। সকলো বিজ্ঞাপনদাতাই এতিয়া কেৱল গুগল আৰু ফেচবুকতহে বিজ্ঞাপন দিবলৈ আৰম্ভ কৰিছে। এয়া আমাৰ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ বাবে মুঠেই শুভলক্ষণ নহয়।’-এইদৰে কয় এগৰাকী বিশেষজ্ঞই

বিশেষজ্ঞগৰাকীয়ে আৰু কয় যে পৰিৱৰ্তন অৱশ্যাম্ভাৱী হ’লেও মহামাৰীৰ ফলত হঠাতে বহুত বৃহৎ পৰিৱৰ্তন সংঘটিত হ’লে তাৰ তাৎক্ষণিক প্ৰভাৱ ভাল হোৱাৰ সম্ভাৱনা তেনেই কম হৈ পৰে। 'মানুহে মহামাৰীৰ বিৰুদ্ধে যুঁজ দি ইতিমধ্যে আৰ্থিক আৰু মানসিকভাৱে একপ্ৰকাৰ দুৰ্বল হৈ পৰিবলৈ বাধ্য হয়। তেনে সময়তে এইধৰণৰ পৰিৱৰ্তনৰ সৈতে মিলি যাবলৈ সকলোৰে পক্ষে কষ্ট হোৱাতোৱেই স্বাভাৱিক।’-বিশেষজ্ঞগৰাকীৰ মন্তব্য।