জাজৰিঃ ৮৮৫ ছহিদৰ কেঁচা তেজৰ বিনিময়ত আৰু ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত গঠিত অসম গণ পৰিষদ দলে সদায় অসম আৰু অসমীয়াৰ স্বাৰ্থত দায়বদ্ধতাৰে কাম কৰি যাব। 

বি জে পি শাসিত চৰকাৰখনে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি শেহতীয়াকৈ ভাবুকিৰ সৃষ্টি কৰিছে। এই ক্ষেত্রত চৰকাৰৰ মিত্র দল অ গ পই কেতিয়াও অসমৰ জাতীয় স্বাৰ্থ ত্যাগ কৰি কাম নকৰে সেয়া নিশ্চিত। সেয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত অ গ প দলে সমগ্ৰ অসমতে বিপুল জনপ্ৰতিনিধিৰ জয় লাভেৰে বি জে পিক উচিত প্ৰত্যুত্তৰ দিব। 

বুধভাৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ কাকমাৰি আঞ্চলিকত হোৱা এখন দলীয় সভাত এনেদৰে আহ্বান জনায় প্ৰাক্তন ছাত্র নেতা তথা অ গ পৰ জ্যেষ্ঠ নেতা পংকজ ডেকাই। আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাকালৰ সভাপতি পূৰ্ণকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম গণ পৰিষদৰ প্ৰতিষ্ঠাকালৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল ডেকা, আঞ্চলিকটোৰ প্ৰাক্তন সভাপতি শিৱৰাম বৰদলৈ, ইতিমধ্যে অন্তপৰা কাৰ্যকালৰ পঞ্চায়ত সভানেত্রী মামনি দেউৰজাই উপস্থিত দলীয় কৰ্মীসকলক পুৰনি দিনৰ স্মৃতি সোঁৱৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়।

কাকমাৰি আঞ্চলিক অ গ পৰ সভাপতি মানিক বৰা আৰু সম্পাদক ধীৰাজ হীৰাই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা দলীয় সভাত ৫ ডিচেম্বৰত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত অ গ প দলৰ পঞ্চায়তটোত প্ৰাৰ্থিত্ব লাভ কৰা ৰবীন মেধি (সভাপতি), বিপ্লৱ নাথ (আঞ্চলিক সদস্য) আৰু দহটা ৱাৰ্ডত ক্ৰমে নৰ্মদা মেধি, প্ৰণিতা বৰদলৈ ভূঞা, মধুমিতা বৰদলৈ, মিনু হীৰা, ধনিৰাম দেউৰজা, ববী বৰদলৈ, ৰাজেশ বৰদলৈ, জগত বনিয়া, গুনিন বৰদলৈ আৰু ৰিঞ্জু দেৱীক আনুষ্ঠানিকভাৱে অ গ পৰ দলীয় টিকট প্ৰদান কৰে আৰু বিপুল হৰ্ষ ধ্বনিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।