ধৰ্মীয় স্থানতো সুৰক্ষিত নহয় মহিলা
ধৰ্ষনৰ দৃশ্যৰ ভিডিঅ ৰেকৰ্ডিং
চচিয়েল মেডিয়াত ভিডিঅ ভাইৰেল

newsnextoneপাটনা ৫ অক্টোবৰঃ চচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅৰ আঁত ধৰি আৰক্ষীয়ে আজি বিহাৰৰ পাটনাত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে৷ উক্ত ভিডিঅটোত গ্ৰেপ্তাৰ হোৱা পুৰুষ দুজনে এগৰাকী মহিলাক হিন্দুসকলৰ পৱিত্ৰ নদী গঙ্গাৰ পাৰত  ধৰ্ষন কৰা দৃশ্য ভাইৰেল হৈছিল৷

আৰক্ষীৰ ভাষ্যমতে এই পাষণ্ড দুজনে সলনা সলনিকৈ পীড়িতা মহিলাগৰাকীক ধৰ্ষন আৰু ভিডিঅ ৰেকৰ্ডিং কৰিছিল৷

বাতৰি মতে মহিলা গৰাকীয়ে যোৱা দেওবাৰে ৰাতিপুৱা পৱিত্ৰ গঙ্গা নদীত স্নান কৰি থাকোঁতে শিৱপূজন মাহাতো নামৰ ড্ৰাইভাৰজনে নৈৰ পৰা মহিলা গৰাকীক টানি আনি ধৰ্ষন কৰিছিল আৰু সেই ভিডিঅৰ ৰেকৰ্ডিং বিশাল নামৰ আন এক পাখণ্ডই কৰে৷

উক্ত ভিডিঅটোত ‘‘মা গঙ্গাৰ পৱিত্ৰতা ৰক্ষা কৰক’’,‘‘গঙ্গা হিন্দুৰ পৱিত্ৰ নদী’’,‘‘মোক এৰি দিয়ক’’ আদিকে ধৰি বিভিন্ন ধৰনেৰে বলাৎকাৰী দুজনক কাকুতি মিনতি কৰা দৃশ্য ধৰা পৰিছে৷ইতিমধ্যে আৰক্ষীয়ে ঘটনাত ব্যৱহাৰ হোৱা মোৱাইলটো জব্দ কৰি ফৰেলছিক লেৱটৰিলৈ পৰীক্ষাৰ বাবে প্ৰেৰন কৰিছে বুলি জানিৱ পৰা গৈছে৷

পাটনা আৰক্ষী অধীক্ষক(গ্ৰাম্য) আনন্দ কুমাৰে জানিবলৈ দিয়া মতে ধৰ্ষনৰ বলি হোৱা মহিলাগৰাকীয়ে ঘটনাটো প্ৰথমে গোপনে ৰাখিছিল যদিও ঘটনাটোৰ ভিডিঅটো মুহুৰ্তৰ ভিতৰতে মোৱাইলে মোৱাইলে বিয়পি পৰাত যোৱা মঙ্গলবাৰেহে ঘটনাটো আৰক্ষীৰ নজৰলৈ আহে আৰু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহন কৰে৷আৰক্ষী অধীক্ষক গৰাকী পেৰকাশ কৰা মতে পীড়িতা মহিলা গৰাকী আৰু অভিযুক্ত দুজন একেখন গাঁওতেই বাস কৰে৷