কোকৰাঝাৰঃ ভাৰতীয় বায়ুসেনা বিভাগৰ উচ্চপদস্থ বিষয়া এয়াৰ মাৰ্চেল আৰ. নামবিয়াৰ ঘৰুৱা সামগ্ৰী কঢ়িয়াই নিয়া এন.এল০১, এল ১৯৭০ নম্বৰৰ অটোমোবাইল কেৰিয়াৰ ট্ৰাকৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে ২৫৮ কেজি গাঞ্জা জব্দ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভাৰতীয় বায়ুসেনাৰ এয়াৰ মাৰ্চেল আৰ.নামবিয়াৰ প্ৰকৃততে গাঞ্জা সৰবৰাহ ঘটনাৰ সৈতে জড়িত হয় নে নহয় সেয়া অদ্যপি স্পষ্ট হোৱা নাই যদিও বায়ুসেনাৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ ঘৰুৱা সামগ্ৰী কঢ়িওৱা ভাৰাতীয়া ট্ৰাকৰ পৰা ১৯ টাকৈ গাঞ্জাৰ বৃহৎ বৃহৎ পেকেট তথা ২৫৮ কেজি গাঞ্জা উদ্ধাৰ হোৱা ঘটনাই বায়ুসেনা বিভাগতো চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

আনকি পশ্চিমবংগৰ হাঁচিমাৰা বায়ুসেনা শিবিৰৰ পৰা দুগৰাকী বায়ুসেনাৰ কৰ্মচাৰীও ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকৰ পৰা স্বচক্ষে গাঞ্জা উদ্ধাৰ কৰা ঘটনাৰ নীৰৱ সাক্ষী হৈ ৰয়। উদ্ধাৰকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে গাঞ্জা সৰবৰাহৰ এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত কালি নিশা ৭:৩০মান বজাত কাৰিগাঁওৰ ৩১(গ) নং ৰাষ্ট্ৰীয় ঘাইপথত চিলঙৰ পৰা দিল্লী অভিমুখী এনএল ০১,এল ১৯৭০ নম্বৰৰ গাড়ী কঢ়িওৱা ট্ৰাকখন তথা বায়ুসেনাৰ উচ্চপদস্থ বিষয়া এগৰাকীৰ সামগ্ৰী কঢ়িয়াই নিয়া ভাড়াতীয়া ট্ৰাকখন কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰে।

এখন ব্যাক্তিগত বাহনকে ধৰি বিভিন্ন সা-সামগ্ৰীৰে পৰিপৃৰ্ণ উক্ত ট্ৰাকখনত আজি দণ্ডাধীশ, স্থানীয় ৰাইজ আৰু সংবাদমাধ্যমৰ লোকৰ উপস্থিতিত অাৰক্ষীয়ে তালাচী চলায় । তালাচী কালত কাৰিগাঁও আৰক্ষী চকীৰ চৌহদত ট্ৰাকখনৰ পৰা এপদ এপদকৈ  সা-সামগ্ৰীবোৰ নমোৱা হয় আৰু তেনেদৰে এপদ এপদকৈ সা- সামগ্ৰী নমাই থকাৰ সময়তে অাৰক্ষীয়ে ১৯ টাকৈ গাঞ্জাৰ পেকেট গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সুন্দৰকৈ প্লাষ্টিকৰ পেকেটত মেৰিয়াই অনা জব্দকৃত ১৯টা গাঞ্জাৰ পেকেটৰ সৰ্বমুঠ ওজন ২৫৮ কেজি অাৰু যাৰ বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

সংবাদমাধ্যমৰ আগত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে গাঞ্জা সৰবৰাহৰ সতে অান্ত:ৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি তদন্তৰ পিছত সকলো বিষয় পৰিষ্কাৰ হ'ব বুলি সদৰী কৰিছে। সাংবাদিকৰ এক প্ৰশ্নত বায়ুসেনা বিভাগৰ এয়াৰ মাৰ্চেল আৰ.নামবিয়াৰ ঘটনাৰ সতে জড়িত অাছে নে নাই সেয়া এতিয়াই কব পৰা নাযায় বুলি মন্তব্য কৰি তদন্তত সকলো বিষয় বস্তু সাঙুৰি লোৱা হব বুলি জানিবলৈ দিছে।

ইতিমধ্যে গাড়ীখনৰ চালক উত্তৰ প্ৰদেশৰ অনিল কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু গাড়ীখনৰ সতে অহা বায়ুসেনাৰ কৰ্মচাৰী এম.স্বামীকো সোধপোছৰ বাবে আটক কৰা হৈছে বুলি মন্তব্য কৰিছে অাৰক্ষী অধীক্ষক ৰাজেন সিঙে। তালাচীকালত উপ-অাৰক্ষী অধীক্ষক প্ৰকাশ মেধি, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন চৌধুৰীও উপস্থিত আছিল ।

উল্লেখ্য যে ভাৰতীয় বায়ুসেনা বাহিনীৰ এয়াৰ মাৰ্চেল আৰ .নামবিয়াৰ কিছুদিন পৃৰ্বে শ্বিলঙৰ পৰা দিল্লীলৈ বদলি হৈছিল আৰু সেই সূত্ৰেই শ্বিলঙৰ পৰা ঘৰুৱা সামগ্ৰীবোৰ ট্ৰাক যোগে দিল্লীলৈ প্ৰেৰণ কৰাৰ সময়তে আধাবাটতে ভাড়াতীয়া অটোমবাইল কেৰিয়াৰ ট্ৰাকৰ পৰা গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।

ঘৰুৱা বয়-বস্তু, বিভিন্ন সামগ্ৰী, মাৰুতী চুইফট গাড়ী (নং ইউপি ৮৩ , এন ৩০০৫ )ইত্যাদিৰে পৰিপৃৰ্ণ ট্ৰাকখনৰ পৰা গাঞ্জা জব্দ হোৱাৰ আঁৰত এয়াৰ মাৰ্চেলৰ ভূমিকা সন্দেহজনক নে তৃতীয় পক্ষই পৰিকল্লপিতভাৱে গাঞ্জা সৰবৰাহ কৰিব বিচাৰিছিল সেয়া অদ্যপি স্পষ্ট নহয় যদিও বায়ুসেনা বাহিনীৰ উচ্চপদস্থ বিষয়াৰ ভাড়াতীয়া গাড়ীৰ পৰা গাঞ্জা উদ্ধাৰ হোৱা ঘটনাই খলকনিৰ সৃষ্টি কৰিছে ।