একেদিনাই কংগ্ৰেছৰ এঘাৰখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈ 

নগাঁওঃ বিজেপি আৰু অগপই নিজৰ স্বাৰ্থতহে ৰাজনীতি কৰিছে৷ অসমীয়া জাতি-ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপিয়ে অসমবাসীৰ প্ৰবল আপত্তি স্বত্ত্বেও বলবৎ কৰিবলৈ বিচাৰিছে ৷ ইয়াৰ বিপৰীতে আঞ্চলিকতাবাদৰ শ্ল’গান দিয়া অগপেও নিজৰ ক্ষমতাৰ লোভতেই ইয়াৰ প্ৰত্যক্ষ বিৰোধিতা কৰা নাই ৷ ''বিজেপি আৰু অগপ দলৰ নেতৃত্বই গাদী ৰক্ষাৰ স্বাৰ্থত আৰ এছ এছৰ শৰণাপন্ন হৈছে আৰু আৰ এছ এছৰ নিৰ্দেশতেই কাম-কাজ চলাই আহিছে ৷ তেওঁলোকে অসমীয়াৰ স্বাভিমানক অৱজ্ঞা কৰি কেৱল আৰ এছ এছৰ আজ্ঞা মানি অসমত বাংলাদেশীত সংস্থাপন দিব ওলাইছে ৷"--এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈৰ৷ 

আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ণ খণ্ডৰ এলেকাধীন হাতীচোং আৰু চাবুকধৰা জিলা পৰিষদৰ অন্তৰ্গত বৰছিলা,চাবুকধৰা,ভকতগাঁও,কাকমাৰী,পাঘালী,মাজ-জাজৰি,জামুগুৰি-কুজিদাঁহ,নিজ হাতীচোং,ৰাইদঙীয়া,আইভেটী আৰু হাতীযুঁজোৱা পঞ্চায়তত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ ১১ খনকৈ নিৰ্বাচনী সভাত ভাগ লৈ কংগ্ৰেছী সাংসদ গৰাকীয়ে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়৷ পঞ্চায়তীৰাজ ব্যৱস্থা অসমত কংগ্ৰেছ দলে অনা বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে,ৰাজীৱ গান্ধী প্ৰধান মন্ত্ৰী হৈ থকা সময়ত গ্ৰামাঞ্চলৰ ৰাইজৰ মাজতো ক্ষমতা ভগাই দিয়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহন কৰা হৈছিল ৷ যাতে গ্ৰামাঞ্চলৰ উন্নয়ণৰ ক্ষেত্ৰত গাঁৱৰ লোকেই ক্ষমতাত থাকি সেই কাম কৰিব পাৰে ৷ আনকি বিগত তৰুণ গগৈ চৰকাৰৰ দিনতে পুৰুষৰ সমানে মহিলাসকলকো ক্ষমতা ভগাই দিবৰ বাবেই পঞ্চায়তত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা লোৱা হয় ৷ প্ৰকৃততে সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থৰ কথা ভাবিয়েই কংগ্ৰেছে সদায় ৰাজনীতি কৰি আহিছে ৷ পুৱা ১০ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত চলোৱা এই মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযানত সাংসদ গৌৰব গগৈক সংগ দিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেশ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা হিৰণ্ময়ী ফুকন,শিৱামনি বৰা,দলংঘাট ব্ল’ক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ,শিক্ষাবিদ ৰাণা প্ৰকাশ বৰা,জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পাৰ্থ সাৰথি বৰা,যুৱ কংগ্ৰেছৰ বটদ্ৰৱা সমষ্টিৰ সভাপতি ছফিউল আলমকে ধৰি দলীয় প্ৰাৰ্থী আৰু কৰ্মীসকলে ৷

জয়ন্ত মুদৈ,নগাঁও