ডিজিটেল ডেস্কঃ যৌন নিৰ্যাতনৰ বিৰুদ্ধে বিদ্যালয়ৰ সন্মুখত ধৰ্না দিয়াৰ সময়তে পুনৰ ৪ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ অহাত কপাইছে কলকাতাক৷ আভিজাত্য বিদ্যালয় জিডি বিৰলা স্কুলৰ যৌন নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে পুনৰ সংঘটিত আন এটা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা৷ চাৰিবছৰীয়া কন্যা সন্তান এগৰাকীক শৌচাগাৰত যৌন নিৰ্যাতন চলোৱাৰ ঘটনাৰ বিদ্যালয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ লগতে তদন্ত নকৰাত ক্ষোভিত হৈ পৰে অভিভাৱক৷

এই ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ কলকাতাৰ এমপি বিৰলা স্কুলত৷ এই ঘটনা সংঘটিত হৈছিল প্ৰায় দুমাহ পূৰ্বে৷ ঘটনাৰ সৈতে কোন জড়িত সেই কথা স্পষ্ট হোৱা নাই৷ জানিব পৰা মতে, বিদ্যালয় খনৰ এগৰাকী ছাত্ৰীয়ে যোৱা ১৩ ছেপ্তেম্বত স্কুলৰ পৰা ঘৰলৈ আহি তেওৰ যৌনাংগত বিদ্যালয়ত দুজন লোকে হাত দিয়া বুলি কয়৷

যাৰ ফলত তেওৰ অত্যন্ত বিষাই থকা বুলি কয়৷ অভিভাৱকে ততাতৈয়াকৈ কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়ে৷ চিকিৎসকে পৰীক্ষা কৰি যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি থিৰাং কৰে৷

তাৰ পিছতে পৰিয়ালটোৱে গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন হয়৷ মহিলা আৰক্ষী থানাই তদন্তৰ খাতিৰত ছাত্ৰীগৰাকীক চাইল্ড হ’মত ৰাখিব লাগিব বুলি কয়৷ চাইল্ড হ’মত ৰাখিব নে নাই এই চিন্তা কৰি চাবলৈ দি ঘৰলৈ যাব দিছিল আৰক্ষীয়ে৷ তাৰ পিছতে অধিবক্তাৰ সহায় লয় পিতৃ-মাতৃয়ে৷ অধিবক্তাই যৌন নিৰ্যাতনৰ গোচৰৰ বাবে চাইল্ড হ’মত ৰাখিব লাগিব বুলি কোনো কথা নাই বুলি কোৱাত পুনৰ কলকাতাৰ বেহেলা মহিলা থানাত উপস্থিত হয় পিতৃ-মাতৃ৷

পিতৃ-মাতৃয়ে চাইল্ড হ’মত থোৱাৰ প্ৰয়োজন নাই বুলি কয় আৰক্ষীৰ সন্মুখত৷ আৰক্ষীয়ে ঘটনাক লৈ গুৰুত্ব আৰোপ নকৰাৰ লগতে চাৰ্জশ্বিট দখল নকৰাকৈ থাকে৷ আভিজাত্যৰ স্কুল ৰূপে জনাজাত এম পি বিৰলা স্কুলত যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে স্কুলৰ চিচিটিভি ফুটেজত ছাত্ৰীগৰাকীয়ে শৌচাগাৰৰ পৰা দৌৰি ওলাই অহা ফুটেজ থকা বুলি কয়৷ ছাত্ৰীগৰাকী ইউনিফৰ্মত তেজৰ দাগ লাগি আছিল৷

ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে সকলো তথ্য৷ ইতিমধ্যে আৰক্ষীয়ে ২২গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে জিডি স্কুলৰ যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাত তেওলোকৰ কন্যাৰ ঘটনাক পোহৰলৈ আনিবলৈ সাহস পোৱা বুলি কয়৷ কিন্তু স্কুলৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে পিতৃ-মাতৃয়ে৷